আছুৰ উদ্যোগত ভবানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তি উন্মোচন

Khargeswar Talukder

ফটো: নৰ্থইষ্ট নাও

অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে চলোৱা আন্দোলনৰ কাৰ্যসূচীত প্ৰাণ আহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ এটা আৱক্ষ মূৰ্তি আজি ভবানীপুৰত উন্মোচন কৰা হয় ৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আৱক্ষ মূৰ্তিটো উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈয়ে ৷

অসমৰ অস্তিত্বৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলে যি মৰ্যাদা পাব লাগিছিল চৰকাৰে সেই মৰ্যদা দিয়া নাই বুলি মন্তব্য কৰে আছুৰ নেতা দুগৰাকীয়ে ৷

অসম আন্দোলনত মুঠ ৮৬০ গৰাকী শ্বহীদ হোৱা বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷

“কা” আন্দোলনতো শ্বহীদ হোৱা সকলৰ প্ৰতিও শ্ৰদ্ধা জনায় আছুৱে ৷