ৰাজভৱনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তি স্থাপন

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষ্যে ৰাজভৱনত স্থাপন কৰা হ’ল তেওঁৰ এক প্ৰতিমূৰ্তি।

ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী, মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ লগতে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ নাতি তাৰা সিনহাৰ উপস্থিতিত উন্মোচন কৰা হ’ল প্ৰায়ত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিমূৰ্তি।

অনু্ষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, যোগেন মহন, ড° ৰাজেন্দ্ৰ প্ৰসাদৰ আজো নাতি মনা সিনহা আদি উপস্থিত থাকে।

এই অনুষ্ঠানতে আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খনিকৰগৰাকীলৈ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত অতিথিসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।