চামগুৰিত সতিয়া পুতেকৰ লাঠীৰ প্ৰহাৰত প্ৰাণ গ’ল মাহী মাকৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভৰাগুৰিত সতিয়া পুতেকে মাহী মাকক লাঠীৰে কোবাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে আজি পুৱা প্ৰায় ১০-৩০ বজাত ভৰাগুৰি পামগাঁৱৰ নিৱাসী চাগু মুড়াৰ বাসগৃহত সতিয়া পুতেক গনেশ মুড়া (২০)ই মাহী মাক চমাৰি মুড়া (৩৬)ক লাঠীৰে প্ৰহাৰ কৰি হত্যা কৰে।

পিছত বজাৰ কৰিবলৈ যোৱা চমাৰিৰ স্বামী চাগু মুড়া ঘৰলৈ ঘূৰি অহাত হে ঘটনাটো পোহৰলৈ আহে। ফলত চাগু মুড়া খঙত অগ্নিশৰ্মা হৈ পিতেক গনেশ মুড়াক প্ৰহাৰ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থয়।

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাত ঘটনাস্থলীত উপস্থিত হৈ চমাৰি মুড়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। লগতে হত্যাকাৰী পুত্ৰ গনেশ মুড়াক আটক কৰি চামগুৰি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইফালে সমগ্ৰ ঘটনাটো পাৰিবাৰিক কন্দলৰ ফলতেই সংঘটিত হোৱা বুলি আৰক্ষী আৰু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

মৃত চমাৰি মুড়াই এগৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে বুলি জানিব পৰা গৈছে।