ভাৰতীয় নিৰ্বাচন আয়োগৰ ‘Electors Verification Programme’ অনুসৰি প্ৰত্যেক পৰিয়ালৰ এজনে লাভ কৰিব Username আৰু password। আৰু লোকজনে পৰিয়ালৰ আটাইকেইজনৰে ইলেক্টৰেল প্ৰচেছৰ লগত জড়িত সকলো তথ্য আপলোড কৰিব লাগিব ।
দেশৰ নিৰ্বাচন আয়োগৰ এই নতুন Electors Verification Programme (EVP) এ দেশৰ সকলো ভোটাৰৰে আপডেট ল’বলৈ গ্ৰহণ কৰিছে এই নতুন পদ্ধতি।
এই নতুন পদ্ধতি মুকলি কৰা হয় যোৱা ১ ছেপ্টেম্বৰত। অহা ১৫ অক্টোবৰৰ ভিতৰত দেশৰ সকলো ভোটাৰে নিজৰ সবিশেষ তথ্য আপলোড কৰিব লাগিব।
অনলাইনৰ জৰিয়তে কিদৰে কৰিবঃ
Voter কাৰ্ড Verification কৰাৰ বাবে তলত দিয়া ধাপ সমূহ পূৰাব লাগিব উপভোক্তা জনে।
ধাপ ১ –
Log In কৰক https://www.nvsp.in
প্ৰথমে অপুনি এটা Account Register কৰিব লাগিব। Account Registration প্ৰক্ৰিয়াটোত আপোনাৰ মোবাইল নং আৰু ভোটাৰ নং প্ৰজোয্য হ’ব। আপুনি মোবাইলত এটা OTP লাভ কৰিব আৰু OTP গ্ৰহনযোগ্য হ’লেহে ধাপ ২ লৈ আগুৱাই যাব পাৰিব।
ধাপ ২ –
দ্বিতীয়টো ধাপত থকা বিভিন্ন বিকল্প সমূহৰ ভিতৰৰ পৰা Electors Verification Programe বিকল্পটো নিৰ্বাচন কৰিব।
ধাপ ৩-
তৃতীয়টো ধাপত মুঠ ৪ টা বিকল্প আছে।
ক) Verify Self Details
খ) Pooling Station Feedback
গ) Family Listing and Authentication
ঘ) Unenrolled Members
Voter কাৰ্ড Verification-ৰ বাবে চাৰিওটা বিকল্প সম্পূৰ্ণ কৰিব লাগিব।
Verify Self Details –
এইটো প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ধাপ। ইয়াত আপোনাৰ ভোটাৰ ID খনৰ সম্পূৰ্ণ বিৱৰণ দেখিবলৈ পোৱা যাব। যদি আপোনাৰ ভোটাৰ কাৰ্ডখনত কিবা ভুল আছে, তেন্তে তাক এইটো ধাপত সূধৰাব পাৰিব।
আৰু যদি আপোনাৰ ভোটাৰ কাৰ্ডখনত একো ভুল নাই, তেন্তে আপুনি আগৰটো ধাপলৈ আগুৱাই যাব পাৰিব।
এইটো ধাপত Self-Details Verify কৰিবলৈ হ’লে তলত উল্লেখ কৰা নথিপত্ৰ সমূহৰ ভিতৰত যিকোনো এখন নথিপত্ৰৰ সবিশেষ আপলোড কৰিব লাগিব।
নথিপত্ৰ সমূহ –
Ration Card, Passport, Bank Passbook, Aadhar Card, Farmer Identity Card, I Card issued for govt/semi staff, Driving License, 10th or 12th mark sheet, Pan card, Electricity or water or telephone bill, RGI-NPR Card
* যিকোনো এখন নথিৰ সবিশেষ আপলোড কৰিব লাগিব।
মন কৰিব – এইটো ধাপৰ পিছত আপুনি আগৰ ধাপ সমূহলৈ ঘূৰি যাব নোৱাৰিব।
যদি ভোটাৰ কাৰ্ডৰ সবিশেষ সলাব বিচাৰে
যদি ভোটাৰ কাৰ্ডৰ সবিশেষ সলাব বিচাৰে, তেন্তে Verify Self Details ৰ লগৰ আনটো বিকল্পত ক্লিক কৰিব। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ভোটাৰ কাৰ্ডৰ সবিশেষ সলাব পাৰে।
প্ৰত্যেক সমষ্টিতে ইতিমধ্যে স্থাপন কৰা হৈছে NVPS ৰ কেন্দ্ৰ। যাৰ সহায়ত সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ কৈ কৰিব পৰাৰ সুবিধা আগবঢ়োৱা হৈছে।