ৰিলায়েন্স ট্রেণ্ডছত অপ্ৰীতিকৰ পৰিস্থিতি : অপদস্থ কৰ্মচাৰীৰ ভৰিত ধৰি ক্ষমা খোজালে মেনেজাৰক

Reliance Trends

ৰিলায়েন্স ট্ৰেণ্ডছৰ সন্মুখত প্ৰতিবাদ।

গুৱাহাটীৰ লাচিত নগৰস্থিত ৰিলায়েন্স ট্রেণ্ডছ নামৰ শ্বপিং মলটোত কৰ্মৰত এজন কৰ্মচাৰীক ইয়াৰ ষ্ট’ৰ ৰূমৰ মেনেজাৰে দুৰ্ব্যৱহাৰ কৰাক লৈ আজি শ্ব’ ৰূমটোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

অভিযোগ মতে, কেইদিনমান পূৰ্বে অভিৰাজ দে’ নামৰ ষ্ট’ৰ মেনেজাৰজনে সুনন্দ সোণোৱাল নামৰ কৰ্মচাৰীজনক কৰ্তব্যৰত অৱস্থাত অশোভনীয় কথাৰে গালি পাৰিছিল। কৰ্মচাৰীজনক এইদৰে সকলোৰে সন্মুখত অপমান কৰা কথাটো সহজভাৱে ল’ব পৰা নাছিল আন অসমীয়া কৰ্মচাৰীসকলে।

আনহাতে ঘটনাটোৰ বিষয়ে অৱগত হোৱাত আজি খিলঞ্জীয়া অধিকাৰ মর্চা নামৰ এটা সংগঠনৰ নেতা পুৱা ১০ বজাত ৰিলায়েন্স ট্রেণ্ডছত উপস্থিত হয় আৰু মলটোত তলা লগাই দিয়ে।

তাৰ পিছতে সংগঠনটোৰ নেতৃত্বই ভালেমান সময় ধৰি বিষয়টো সংক্ৰান্তত ষ্ট’ৰ মেনেজাৰ অভিৰাজ দে’ আৰু উপ প্ৰবন্ধক (DM) শংকৰ নাথৰ লগত যুক্তিতৰ্কত লিপ্ত হয়৷ শেষত ষ্ট’ৰ মেনেজাৰ অভিৰাজ দে’ক সোণোৱাল উপাধিৰ কর্মচাৰীজনৰ ভৰিত ধৰি ক্ষমা খুজিবলৈ বাধ্য কৰে খিলঞ্জীয়া অধিকাৰ মর্চাই।

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ দাবীত মেনেজাৰজনে ক্ষমা খোজাৰ পিছতে মলটো খুলিবলৈ দিয়া হয়। জানিব পৰামতে, কৰ্তৃপক্ষই ষ্ট’ৰ মেনেজাৰ অভিৰাজ দে’ক অপসাৰণৰ প্ৰতিশ্ৰুতি দিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ জুলাই মাহত গণেশগুৰিস্থিত মুকেশ হুণ্ডাইৰ শ্ব’ ৰূমত এজন অসমীয়া কৰ্মচাৰীক অপদস্থ কৰিছিল প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঋষভ হিমৎসিংকাই আৰু তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত ক্ষমা খুজিছিল হিমৎসিংকা পৰিয়ালে।