• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুধনৈত বৰদৈচিলাৰ তাণ্ডৱ:মুকলি আকাশৰ তলতে সময় অতিবাহিত কৰিছে ৫০ টা গৃহহাৰা পৰিয়ালে

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
April 16, 2022 8:03 pm
ধুমুহাই উৰুৱাই নিয়া গৃহৰ ভেটিতে মাতৃয়ে এগৰা ভাত খুৱাইছে সন্তানক।

ধুমুহাই উৰুৱাই নিয়া গৃহৰ ভেটিতে মাতৃয়ে এগৰা ভাত খুৱাইছে সন্তানক।

147
VIEWS
Share on FacebookShare on Twitter

বিহুৰ বতৰতে প্ৰচণ্ড ধুমুহা বতাহ-বৰষুণ আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন হৈছে দুধনৈত ৷

এই ধুমুহাই দুধনৈ চহৰকে ধৰি দুধনৈ নিকটৱৰ্তী কেইবাখনো গাঁৱত ব্যাপক ক্ষয় ক্ষতি কৰাৰ লগতে বিশেষকৈ গুৱাবাৰী গাওঁখন ধুমুহাত তচনচ হৈ যায়৷ ধুমুহা হৈ যোৱাৰ পিচত গুৱাবাৰী গাওঁৰ ৰাইজে এতিয়াও মুকলি আকাশৰ তলত থাকিব লগা হৈছে৷ থকা- খোৱাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হবলগা হোৱা গাওঁবাসীয়ে এতিয়ালৈ স্থানীয় প্ৰশাসন কিম্বা জনপ্ৰতিনিৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই৷ বিদ্যুৎ পৰিবাহী তাঁৰ তথা বিদ্যুৎৰ খুটা বাগৰি পৰাত এতিয়াও ৰাইজে আন্ধাৰত থাকিব লগা হৈছে৷

দুধনৈত গৰু বিহুৰ দিনাও দুধনৈ শিলাবৃষ্টিও হৈছিল ৷ শিলাবৃষ্টিৰ ফলত বহু মানুহৰ ঘৰৰ টিনৰ চাল পৰ্যন্ত ফুটি যায়৷ ধুমুহা বতাহত বৃহৎ বৃহৎ গছ ভাঙি পৰাত দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ৷ কেইবাঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত যাতায়ত বন্ধ হৈ পৰে ৷ লগতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আবদ্ধ হৈ পৰে শ শ যান-বাহন ৷ স্থানীয় প্ৰশাসনে ৰাইজৰ সহায়ত পথৰ ওপৰত পৰি থকা গছ সমূহ কাটি ৰাষ্ট্ৰীয় ঘাইপথ মোকলোৱাৰ চেষ্টা কৰে ৷

বতাহ- ধুমহাৰ ফলত চহৰৰ মাজত থকা বৈদ্যুতিক খুটা উভালি পেলোৱাত  লগতে দুধনৈ চহৰকে ধৰি নিকটৱৰ্তী কেইবাখনো গাঁৱত ঘৰৰ টিনপাত উৰাই লৈ যোৱাত বিস্তৰ ক্ষতিসাধন হয়৷ তাৰোপৰি দুধনৈৰ বহু ব্যৱসায় প্ৰতিষ্ঠানৰো বৃহৎ ক্ষতি হয় ধুমুহা বতাহত ৷ আনহাতে গছ ভাঙি পৰাত বহু যান-বাহনৰো ক্ষতিসাধন হোৱাৰ খবৰ লাভ কৰা হৈছে ৷ দুধনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১ বহাগত দুধনৈ ৰাজহুৱা খেল পথাৰত অস্থায়ী ভাবে নিৰ্মাণ কৰা পেণ্ডেলো ধুমুহা বতাহে ভাঙি তচনচ কৰে৷ ধুমুহা-বতাহে তাণ্ডৱ সৃষ্টি কৰাত সমগ্ৰ দুধনৈ অঞ্চলত ম্লান পৰে ৰঙালী বিহুৰ উছাহ ৷

আনহাতে ধুমুহাই ধ্বংসলীলাৰ সৃষ্টি কৰা গুৱাবাৰী গাঁৱত আজিও অবৰ্ণনীয় পৰিৱেশ। ৪৮ ঘন্টাৰ পিছতো মুকলি আকাশৰ তলতে আছে বহু পৰিয়াল। সবাতোকৈ ডাঙৰ কথাটো হ’ল যে নিশা কটাবলৈ এটা গৃহ নথকা লোক সকলোৰ খবৰ ল’বলৈ আহৰি নাই জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিৰ। প্ৰদান নকৰিলে নূন্যতম সাহায্যও ৷

কিতাপ পত্ৰ ধুমুহাই নষ্ট কৰাত হাহাকাৰ লাগিছে ছাত্ৰ-ছাত্ৰী সকলোৰ মাজতো। এতিয়া গুৱাবাৰী গাঁৱৰ ৫০টাৰো অধিক পৰিয়ালে অনাহাৰে- অনিদ্ৰাৰে দিন কটাইছে ৷

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd