• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত বিধেয়ক বিৰোধী আন্দোলনৰ উগ্ৰ ৰূপ : হিমন্তৰ প্ৰতিচ্ছবিৰ মুখত উপৰ্য্যুপৰি গোৰ; ব্যৱস্থা নল’লে কাষতে ৰৈ থকা আৰক্ষীয়ে

নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, সৰ্বানন্দ হুঁচিয়াৰ, হিমন্ত বিশ্ব হুঁচিয়াৰ, 'বিজেপি মাৰ খাবি', 'বিজেপি চৰ খাবি' ধ্বনিত কঁপিল গোলাঘাট চহৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
February 12, 2019 6:28 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব (সংশোধনী)বিধেয়কখন ৰাজ্যসভাত আজি উত্থাপন কৰিব বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে অধিক উগ্ৰ হৈ পৰিছে বিধেয়ক বিৰোধী আন্দোলন।

আজি গোলাঘাট চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম ছাত্ৰ সন্থা, মদমুক্ত অসম দাবী সমিতি, তাই আহোম যুৱ পৰিষদ, নাৰী মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি ৭০টা সংগঠনৰ নেতৃত্বত উলিওৱা উগ্ৰ প্ৰতিবাদে আৰক্ষী আৰু প্ৰশাসনক ব্যতিব্যস্ত কৰি তোলে।

যোৱা ৮ জানুৱাৰিত অসম বন্ধৰ সময়ত বিজেপিৰ জিলা কাৰ্য্যালয়ৰ বেনাৰ আদি ভাঙি জ্বলাই দিয়া ঘটনাৰ দৰেই উগ্ৰতা দেখা গ’ল আজিৰ প্ৰতিবাদৰ সময়তো।

অভিনৱ ধৰণে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা এজন প্ৰতিবাদকাৰীক দেখা গ’ল খালী গাৰে পথত বাগৰি বাগৰি শ্ল’গান দিয়া। ইয়াৰোপৰি মহিলাসকলে মাজপথতে বহি বিজেপি বিৰোধী ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী তোলাৰ সমান্তৰালভাৱে বিজেপি গ’ বেক, বিজেপি মাৰ খাবি, বিজেপি চৰ খাবি, বিজেপি ৱাক থু আদি ধ্বনি দিয়ে।

নগৰৰ মাজেৰে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ হুঁচিয়াৰ, সৰ্বানন্দ মুৰ্দাবাদ, হিমন্ত বিশ্ব হুঁচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদী সমদলটো উপায়ুক্তৰ কাৰ্য্যালয় অভিমুখে যায় যদিও তাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন হয়।

তাৰ পাছত উক্ত স্থানত ৰাজপথতে বহি পৰা প্ৰতিবাদী ৰাইজক উদ্দেশ্যি কৃষক মুক্তিৰ জিলা সভাপতি ধৰ্মেশ্বৰ শইকীয়া, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আব্দুল হাচিম, মদমুক্ত অসমৰ প্ৰবীণ দাস, তাই আহোম ছাত্ৰ সন্থাৰ কৃষ্ণ বৰুৱা আদিয়ে বক্তব্য প্ৰদান কৰি বিধেয়কখনক লৈ চৰকাৰৰ স্থিতিক ক্ষুৰধাৰ সমালোচনা কৰে।

একাংশ প্ৰতিবাদ কাৰীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি চৰম ক্ষোভ আৰু ঘৃণা প্ৰদৰ্শন কৰি উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত আঁৰি থোৱা দুখন বৃহৎ বেনাৰ গুৰিয়াই গুৰিয়াই ফালি পেলায়।

কেইবাজনো প্ৰতিবাদকাৰীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিৰ মুখত উপৰ্য্যুপৰি গোৰ মৰাও দেখা গ’ল। তথাপিও একো ব্যৱস্থা নল’লে কাষতে থকা আৰক্ষীয়ে।

Recent News

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

পুৰি ৰথ যাত্ৰাত অনিয়ন্ত্ৰিত ভিৰ : পদপিষ্ট হৈ আহত কমেও ৫৮১ গৰাকী তীৰ্থযাত্ৰী

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd