NORTHEAST NOW (Assamese)

বিধেয়কৰ বিৰুদ্ধে দিল্লীত উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰা ছাত্ৰ নেতাৰ গেৰুৱা দলত যোগদান

April 6, 2019 3:15 pm · এন ই নাও নিউজ
বিজেপিত শৰণ ল'লে বিধেয়ক বিৰোধী নেতা যাদব দাসে। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ৰাজ্যজুৰি সাৱ্যস্ত হোৱা তীব্ৰ প্ৰতিবাদৰ মাজতে নতুন দিল্লীত অসমৰ কেইবাজনো যুৱকে বিধেয়কখনৰ বিৰুদ্ধে উলংগ হৈ প্ৰতিবাদ কৰিছিল। এই প্ৰতিবাদকাৰীসকলৰ মাজত অন্যতম আছিল সদৌ অসম অনুসূচীত ছাত্ৰ সংগঠনৰ নেতা যাদব দাস।

প্ৰাক্তন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা আৰু দুখনকৈ আঞ্চলিক সমিতিৰ সদস্য তথা সদৌ অসম অনুসূচীত ছাত্ৰ সংগঠনৰ নেতা যাদৱ দাসে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

যোৱা ৭ জানুৱাৰিত নতুন দিল্লীত উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা যাদব দাসে বিজেপিত যোগদান কৰাৰ পাছতে বিষয়টোকলৈ সৰ্বত্ৰ চৰ্চা চলিছে।

উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কেইবাটাও সংগঠনে সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰা যাদব দাসে কয় যে বিধেয়কখনৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ তেওঁলোকক প্ৰৰোচিত কৰা হৈছিল। সেয়েহে, এতিয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকে বিজেপিক সহায় কৰিব।

বহু চৰ্চিত উলংগ প্ৰতিবাদে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰাৰ লগতে ঘটনাটোৱে বৌদ্ধিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল। আজি সেই উলংগ প্ৰতিবাদকাৰীয়ে বিধেয়ক সমৰ্থনকাৰী বিজেপি দলত যোগদান কৰি পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিলে।

Related News