নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে মাজুলী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

Screenshot_20190112-124144_Video Player

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলী। মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি মহাবিদ্যালয়খনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী ছাত্ৰক্ষ-ছাত্ৰীসকলে ছাত্ৰ সমাজ জাগিছে জাগিবই, বিজেপি গ’ বেক,  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,  মুখ্যমন্ত্ৰী হুচিয়াৰ আদি ধ্বনিৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদে মাজুলীৰ আকাশ বতাহ কঁ‌পাই তোলে। মাজুলীৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায় আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।