‘টাই’ নহয়, ছাত্ৰ-ছাত্ৰীয়ে ডিঙিত গামোচা লৈ অহা এখন ব্যতিক্ৰমী বিদ্যালয়

Screenshot_20190521-104117-02

শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল

অসমীয়া জাতিৰ স্বাভিমান সম্পৰ্কে সকলোৱে কৈ থাকিলেও অসম আৰু অৰুণাচল প্ৰদেশৰ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দেখুৱাই আহিছে অসমীয়া হোৱাৰ হাতে-কামে পৰিচয়।

২০১১ চনত অসম আৰু অৰুণাচল প্ৰদেশৰ তিনিসুতিত স্থানপন হোৱা শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণবেশত অন্তৰ্ভূক্ত হৈ আহিছে অসমীয়াৰ স্বাভিমান স্বৰূপ ফুলাম গামোচাখন।

বিদ্যালয়ৰ গতানুগতিক গণবেশৰ লগতে পৰিধান কৰা ‘টাই’ৰ ঠাইত ছাত্ৰ-ছাত্ৰীসকলে গামোচা পৰিধান কৰি আহিছে বিদ্যালয়খন স্থাপন হোৱা দিন ধৰি। এনেধৰণৰ বিশেষ গণবেশৰ বাবে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ে।

আনহাতে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ সময়ত ডিঙিত ফুলাম গামোচা আৰি লৈ প্ৰাৰ্থনা কৰি থকাৰ দৃশ্যই বিদ্যালয়খনৰ চৌহদ শুৱনি কৰি তোলে।

তদুপৰি ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনত অসমীয়া জাতি সত্তাৰ লগত জড়িত হৈ থকা মহাপুৰুষ সকলৰ জীৱন কাহিনী, অসমীয়া সমাজৰ কাম-কাজ আদিৰ ওপৰতো বিদ্যালয়খনত পঢ়োৱা হয় বুলি উল্লেখ কৰে।

বৰ্তমান অসমীয়া মাধ্যমৰ বিদ্যালয়খনত ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে মুঠ ২৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি আছে।

স্থানীয় জনসাধাৰণে বিদ্যালয়খনৰ এনেধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰাৰ লগতে অসমীয়া কৃষ্টি, সংস্কৃতিক জীয়াই ৰখাৰ বাবে কৰা প্ৰয়াসৰ শলাগ লয়।