• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা, কেৰিয়াৰৰ লগতে অসমৰ কথাও চিন্তা কৰিব লাগিব: ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

মিণ্টু দাস by মিণ্টু দাস
September 1, 2018 9:18 am
nagaon ramanujan fraces.docx photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এক অমংগলীয়া ভয়ে গ্ৰাস কৰি থাকে। সেয়া হৈছে পৰীক্ষাৰ সাজু হোৱাৰ সময়ত এডমিট কাৰ্ডত ভুল আহে নেকি, পৰীক্ষাৰ প্ৰশ্ন সমূহ চিলেবাচৰ ভিতৰত পৰে নে নপৰে, পৰীক্ষাৰ ফলাফলৰ সময়ত বহীবোৰ জ্বলি যায় নেকি অথবা গৰুৱে খাই নেকি আদি। আমাৰ শিক্ষাপদ্ধতিৰ এনেবোৰ আঁসোৱাহ দূৰ কৰিবৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংস্কাৰ সাধন কৰিব লাগিব। এই সংস্কাৰ হ’ব লাগিব ছাত্ৰ-ছাত্ৰীৰ মংগল হোৱাকৈ’’- এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।

শুকুৰবাৰে নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণী অনুষ্ঠানৰ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি ডঃ ভট্টাচাৰ্যই কয় যে যি সময়ত বিহাৰত নালন্দা বিশ্ববিদ্যালয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে, বিশ্বৰ বৰেণ্য ব্যক্তিসকলক লৈ ইয়াৰ বাবে আলোচনাত মিলিত হৈছে তেনে সময়ত অসমত ছেবাৰ পৰীক্ষা ভালদৰে অনুষ্ঠিত হ’ব নে নহয় আমি চিন্তা কৰিবলগীয়া হৈছে।

ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই সদৌ অসম ছাত্ৰ-সন্থাৰ মুখ্য উপদেষ্টাজনে কয় যে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা, কেৰিয়াৰৰ লগতে অসমৰ কথাও চিন্তা কৰিব লাগিব। তেওঁলোকে অৰ্থনৈতিক সংগ্ৰাম কৰিব লাগিব। পৰিকল্পিত সাংস্কৃতিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তেওঁলোকে এটা মন্ত্ৰ গ্ৰহণ কৰিব লাগিব। সেয়া হৈছে আমাৰ কাম অসমৰ কাম, আমাৰ সন্মান অসমৰ সন্মান।

ডঃ ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক মাটি,মন আৰু মগজুৰ চিন্তাৰে আগুৱাই যোৱাৰ আহ্বান জনাই কয় যে ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নপুষ্ট হোৱাৰ লগতে পৰিপক্ক আৰু দূৰদৰ্শী হ’ব লাগিব। বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ক প্ৰশংসা কৰাৰ লগতে ডঃ ভট্টাচাৰ্যই কনিষ্ঠ মহাবিদ্যালয়খনে প্ৰয়োগ কৰা শিক্ষণ পদ্ধতি ৰজাঘৰে চৰকাৰী শিক্ষানুষ্ঠানত কিয় প্ৰয়োগ কৰিব নোৱাৰে বুলিও প্ৰশ্ন কৰে।

তেঁও কয় অসমৰ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে বহি:ৰাজ্যত অধ্যয়ন কৰাৰ নামত বছৰি ৩০০ কোটি টকা খৰচ হয়। সেই ধনৰে আমি অসমত বহুতো উন্নত মানৰ চৰকাৰী শিক্ষানুষ্ঠান স্থাপন কৰিব কিয় নোৱাৰো। ডঃ ভট্টাচাৰ্যই অসমৰ প্ৰথমখন দক্ষতাৰ বিশ্ববিদ্যালয় স্থাপন কৰিবৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে অসমত ভাৰতীয় বিজ্ঞান গৱেষণাৰ প্ৰতিষ্ঠান, ব্ৰহ্মপুত্ৰৰ গৱেষণা প্ৰতিষ্ঠান, ঔষধি গছৰ গৱেষণাৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে আধুনিক বিশ্বত নগৰীয়াকৰণ আৰু উদ্যোগীকৰণে প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে যাৰ ফলত আৰু কিমান দিন পৃথিৱীখন থাকিব তাক লৈ সন্দেহ আছে। ৰাজনীতি , ধৰ্মনীতি, অৰ্থনীতি সকলো প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল। গছ অবিহনে পৃথিৱীক কোনেও ৰক্ষা কৰিব নোৱাৰে, এই কথা প্ৰকৃতিয়ে সোঁৱৰাই আহিছে যদিও বিশ্ববাসীয়ে তাক আওকাণ কৰি বন ধ্বংস কৰাৰ ফলত জলবায়ুৰ দ্ৰুত পৰিবৰ্তন হ’ব ধৰিছে আৰু মানৱ সভ্যতালৈ দুৰ্যোগ কঢ়িয়াই আনিছে।

এই সন্দৰ্ভত তেওঁ আক্ষেপ কৰি কয় যে চৰাই-চিৰিকটি, হাতী-হৰিণা, নদ নদী আদিয়েও প্ৰত্যক্ষ বা পৰোক্ষভাবে হাবি-জংঘল বিস্তাৰত সহযোগিতা আগবঢ়াই অহাৰ বিপৰীতে জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহে বন ধ্বংস কৰিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে গছ ৰোপণৰ ওপৰত গুৰুত্ব দিয়ে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নাৰিকল গছ ৰোপণ কৰি গৰাখহনীয়া ৰোধৰ বাবে আহ্বান জনায়।

প্ৰত্যেক ছাত্ৰ ছাত্ৰীকে নিজৰ জন্মদিনত এজোপাকৈ গছ ৰোপনৰ আহবান জনাই তেওঁ কয় যে যিজনে প্ৰকৃতি ভাল পায় তেওঁ পৃথিৱীক ভাল পায় আৰু যি পৃথিৱীক ভাল পায় তেওঁ সমগ্ৰ জীৱ জগতক ভাল পায়। দৌৰৰ ৰাণী হিমা দাসে দুশ মিটাৰ দৌৰত ভুল কৰাক লৈ এচামে হৈ-চৈ কৰাত তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়, হিমাক লৈ অযথা হৈ চৈ কৰাৰ কাৰো অধিকাৰ নাই। খেলুৱৈগৰাকীক উৎসাহিত কৰাটোহে আমাৰ কৰ্তব্য। পায়েঙৰ আহৱান – ‘’হিমাক ঘৰলৈ অহাৰ পিছত তেওঁক গামোচা পিন্ধাই সময় নষ্ট নকৰি অলিম্পিকৰ বাবে কঠোৰ শ্ৰম কৰিবলৈ সাজু হ’বলৈ সুবিধা দিয়ক।

সভাত বিধায়ক ৰূপক শৰ্মাই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়খনৰ গীতৰ এখন চি ডি উন্মোচন কৰি কয় যে এই মহাবিদ্যালয়খনৰৰ চমকপ্ৰদ ফলাফলে নগাঁৱত এক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিছে। তেওঁ সততা আৰু নিষ্ঠাৰে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত ব্ৰতী হ’বলৈ আহবান জনায় ।

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মণিমাধৱ মহন্তই ভাষণ দিয়ে। সভাত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিপুল বৰা, ধেমাজি কলেজৰ অধ্যাপক উপেন কোঁচকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত সভাতে কনিষ্ঠ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে ‘কৰুণাধাৰাৰ’ পুঁজিলৈ ২০ হাজাৰ টকা আগবঢ়ায়। সভাতে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক সমৰ্ধনা জনোৱাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd