অৰুণাচল প্ৰদেশৰ ইটানগৰত দেওবাৰে পুৱা অলপ বিৰতিৰ পিছত পুনৰ ধাৰাসাৰ বৰষুণ হয়। দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে, হঠাতে ডাৱৰ বিস্ফোৰণৰ ফলত একাধিক ভূমিস্খলনৰ লগতে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হয়।
পুৱা প্ৰায় ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সমগ্ৰ ইটানগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ভূমিস্খলন সংঘটিত হয়।
বানৰ পানীয়ে চহৰখনৰ বাসিন্দাসকলৰ বাবে জটিলতা বৃদ্ধি কৰি ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ প্লাৱিত কৰি তোলাৰ লগতে অসংখ্য বাহন আবদ্ধ কৰি পেলায়।
লগতে পঢ়কঃ মেঘালয়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ; এইচ আই ভিত আক্ৰান্ত ৩০০ৰো অধিক শিশু
যোৱা কেইটামান সপ্তাহত ৰাজ্যখনত প্ৰচণ্ড বৰষুণ হোৱাৰ বিপৰীতে যোৱা দুদিনত পৰিস্থিতিৰ উন্নতি ঘটিছিল, আৰু দেওবাৰৰ বাবে কোনো বৰষুণৰ পূৰ্বাভাস দিয়া হোৱা নাছিল। এই অভাৱনীয় ডাৱৰ বিস্ফোৰণে যথেষ্ট বিঘিনিৰ সৃষ্টি কৰিছে।
জিলা প্ৰশাসনৰ বিষয়াসকলে অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে নদী আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা লোকসকলক আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁলোকে সকলোকে সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিয়ে।
লগতে পঢ়কঃ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ চৰম পৰিণতি! উপ আৰক্ষী অধীক্ষক পদৰ পৰা হাবিলদাৰ পদলৈ শাস্তিমূলক অৱনতি
ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ জিলা প্ৰশাসনে ৭টা নিৰ্দিষ্ট সাহায্য শিবিৰ স্থাপন কৰিছে।