NORTHEAST NOW (Assamese)

বজালীত কলেজত অধ্যয়নৰত ছাত্ৰীৰ আকস্মিক বিয়োগ! ২৫ বছৰ বয়সতে মৃত্যুক আকোৱালি ল’লে নমিতাই

March 8, 2025 6:40 pm · এন ই নাও নিউজ, গুৱাহাটী

বজালীৰ চৌধুৰীপাৰাৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে আকস্মিক মৃত্যুক সাৱটি লয়। মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ নাম নমিতা চৌধুৰী (২৫) বুলি জানিব পৰা গৈছে।

শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ পাটাছাৰকুছিৰ ছাত্ৰী আছিল নমিতা চৌধুৰী। অতি কম বয়সতে হৃদৰোগত আক্ৰান্ত হৈ নমিতা চৌধুৰীয়ে মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ বজালীতে শোকৰ ছাঁ পেলাইছে।

অতি কম বয়সীয়া মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা, অসম গণ পৰিষদ বজালী জিলা সমিতি, বজালী জিলা যুৱ সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰে।

Related News