NORTHEAST NOW (Assamese)

হঠাতে অচল হৈ পৰিল ইউ পি আই সেৱা! সমস্যাত ব্যৱহাৰকাৰী

April 12, 2025 2:53 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 12, 2025 3:22 pm

সমগ্ৰ দেশতে কেইবা ঘণ্টা ধৰি অচল হৈ আছে ইউ পি আই সেৱা। জিপে, ফোনপে, পেটিএমকে ধৰি ডাঙৰ ডাঙৰ ইউপিআই সেৱাৰ হঠাতে বন্ধ হৈ পৰাত সমস্যাত পেলাইছে গ্ৰাহকসকলক।

ফলত ৰাজপথ, দোকান-পোহাৰ, ৰেষ্টুৰেণ্টত সকলোতে পেমেণ্টৰ সমস্যাৰ সৃষ্টি হৈছে। সাধাৰণ মানুহৰ পৰা ব্যৱসায়ীলৈকে সকলো চিন্তিত হৈ পৰিছে। অতি জৰুৰী হ’লেও ডিজিটেলভাৱে টকা পঠিয়াব নোৱাৰাত পৰিছে।

গতিকে ৰাজহুৱা পৰিবহণ, অটো আৰু ৰিক্সাত ডিজিটেল পেমেণ্টৰ জৰিয়তে টিকট ক্ৰয় কৰাত সমস্যাত পৰিছে। ব্যৱসায়ীসকলৰ মতে, এই সমস্যাৰ বাবে তেওঁলোকৰ কামত পুৱাৰে পৰা প্ৰভাৱ পৰিছে।

যদিও ইউ পি আই সেৱাপ্ৰদানকাৰী  কোম্পানীসমূহে এই সমস্যাৰ কাৰণ এতিয়াও প্ৰকাশ কৰা নাই, তথাপি শীঘ্ৰে এই সমস্যাৰ সমাধান হ’ব বুলি আশা কৰা হৈছে।

ডিজিটেল পেমেণ্টৰ ওপৰত ক্ৰমাৎ বৃদ্ধিপোৱা নিৰ্ভৰশীলতাই এনে পৰিস্থিতিত সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰিছে। সকলোৱে আশা কৰে যে এই সমস্যা অতি সোনকালে সমাধান হব আৰু সকলো স্বাভাৱিক হৈ পৰিব।

Related News