মৰমৰ জেকলিন… কাৰাগাৰৰ পৰাই প্ৰেমৰ চিঠি সুন্দৰী প্ৰেয়সীলৈ; কি লিখিলে ঠগ সুকেশে?

প্ৰায় ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিত অভিযুক্ত কনমান সুকেশ চন্দ্ৰশেখৰ। অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰায় সকলোৱে জানে। সুকেশৰ সৈতে অন্তৰংগ প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকীৰ।

এই প্ৰেমৰ বাবেই কম ঝামেলা সহ্য কৰিবলগীয়া হোৱা নাই সুন্দৰী জেকলিনে। জালিয়াতি গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছে জেকলিন ফাৰ্নাণ্ডেজে।

সুকেশ বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে। কিন্তু মন তেওঁৰ পৰি ৰৈছে প্ৰেয়সীৰ তাত। কেতিয়াবা জেলত বহিয়েই জেকলিনলৈ সুকেশে চিঠি লিখে। এইবাৰ চিঠিখনত সুকেশে কয় যে তেওঁ জেকলিনক এটা ডাঙৰ চমক দিবলৈ ওলাইছে। তাৰিখ ১১ আগষ্ট। সেইদিনা অভিনেত্ৰীগৰাকীৰ জন্মদিন। সুকেশে সেই দিনটোৰ বাবে অপেক্ষা কৰি আছে।

সুকেশে উকীল অনন্ত মালিকৰ জৰিয়তে জেকলিনলৈ পঠিয়াইছে চিঠিখন। চিঠিখনৰ প্ৰতিটো শাৰীতে তেওঁ জেকলিনৰ প্ৰতি থকা অপাৰ প্ৰেমৰ কথা প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ নিজৰ প্ৰেয়সীক কিমান মিছ কৰে সেই কথাও জনাইছে।

সুকেশে জেকলিনলৈ লিখিছে, “মাই বেবী, মোৰ মৰমৰ জেকলিন, তোমাক ভাল পাওঁ। মোৰ জীৱনত তোমাক পাই মই ধন্য হৈছো। তুমি মোৰ ৰাণী, প্ৰতি মুহূৰ্ততে তোমাৰ কথা ভাবো। মই জানো তুমিও মোক পাগলৰ দৰে ভাল পোৱা। তোমাৰ জন্মদিনৰ বাবে অপেক্ষা কৰি আছো। তোমাৰ বাবে এটা ডাঙৰ চমক অপেক্ষা কৰি আছে। মই নিশ্চিত, উপহাৰটো তোমাৰ ভাল লাগিব। মই কিন্তু মোৰ কথা ৰাখিছো। তুমি মাথোঁ তোমাৰ হাঁহিটো ধৰি ৰাখা।”

শেষত সুকেশে আৰু লিখিছে “সত্য পোহৰলৈ অহাৰ সময় আহি পৰিছে, কাউণ্টডাউন আৰম্ভ হৈছে।”

এই চিঠিখনত সুকেশে অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ উপৰিও কেইবাটাও গোপন কথা লিখিছে। এতিয়া জেকলিনৰ জন্মদিনৰ বাবে অপেক্ষা। সুকেশে কি চমক দিয়ে, সেইদিনাই বুজিব পৰা যাব।