• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত কি কি কথাই পালে স্থান?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2021 3:52 pm
c6ab7a29-c7fe-4678-b24f-0b15e1fd52f5
376
VIEWS
Share on FacebookShare on Twitter

বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত বহুকেইটা কথাই স্থান পোৱা দেখা গ’ল।

তলত ভাষণৰ কিয়দাংশ অসম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :—

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিক প্ৰাণ দিছিলে, ঐতিহ্য দিছিলে৷

জনসাধাৰণৰ আশা-আকাংশা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব৷

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালক স্মৰণ মুখ্যমন্ত্ৰীৰ৷

তেওঁলোকৰ আদৰ্শৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি৷

সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভাৰতবৰ্ষৰ প্ৰৱাহমান ঐতিহ্যই আমাক চিৰদিন চহকী কৰি ৰাখিছে। কল্যাণমুখী ৰাষ্ট্ৰৰ ধৰ্ম হৈছে যিসকল যুগে যুগে পিছপৰি আছে তেওঁলোকক উন্নতিৰ বাট দেখুওৱা।

চাহ জনজাতিৰ উন্নয়নৰ কাৰণে আমি নিৰন্তৰ কাম কৰি আছো বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা পাঁচটা বছৰে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ যি উন্নয়নৰ কথা কৈ আহিছিল যেই উন্নয়নৰ গতি আমি খৰতকীয়া কৰিবলৈ চেষ্টা কৰিম।

যোৱা ৫ বছৰে আৰম্ভ কৰা উন্নয়নৰ ধাৰাবাহিকতা আগন্তুক দিনত অব্যাহত ৰাখিম৷

কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেজৰ ফাকু বৈছিল আমাৰ হৃদয়ত গভীৰ বেদনা হৈছিল৷

যোৱা ৫ বছৰত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিছো৷

প্ৰথমবাৰৰ বাবে অসমত অকংগ্ৰেছী চৰকাৰে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত এক নতুন অধ্যায় সৃষ্টি কৰিলে।

সোণোৱাল ডাঙৰীয়াই মূল্যবোধৰ এক নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিলে।

বিৰোধী পক্ষৰ প্ৰতিটো কথাৰ উত্তৰ চৰকাৰী পক্ষৰ লগত থাকিব।

যোৱা পাঁচ বছৰত কংগ্ৰেছৰ শাসনত বিদ্বেষৰ বীজ ৰোপণ হৈছিল৷ আমাৰ কাৰ্যকালত শান্তিৰ মলয়া বতাহ হৈছে৷

ইতিহাসে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক অন্যতম সফল চৰকাৰ বুলি গণ্য কৰিব৷

চৰকাৰখন ৰে’লপথৰ পৰা আঁতৰি গলে ৰে’লপথলৈ ঘূৰাই অনাত বিৰোধীয়ে কথা কওক।

গতিশীল আৰু প্ৰাণৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ।

চৰকাৰখন যদি ৰে’লপথৰ পৰা আঁতৰি গৈছে তেতিয়াহ’লে চৰকাৰখনক পথলৈ উভতাই অনাৰ দায়িত্ব বিৰোধীৰ৷

লবীত আমাৰ কথা নহয়, বিধানসভাত কথা হ’ব৷ ৰাইজৰ আশা-আকাংক্ষা আমি পূৰণ কৰিব৷

ৰিতুল শইকীয়া মুকলি কৰাৰ বাবে আলফাক ধন্যবাদ৷

শান্তিৰ অসম নতুন প্ৰজন্মৰ অধিকাৰ৷

কাৰ্বি আংলঙৰ শান্তি চুক্তি কৰাৰ দিশত আমি আগবাঢ়িছো৷

বিধায়ক অখিল গগৈক আহল-বহলকৈ বাছত বহুৱাই অনা হৈছে কোভিড প্ৰট’কল মানি৷

পশ্চিমবংগই এটা বছৰত লাভ কৰা সাফল্যতকৈ অসমে স্বাস্থ্য খণ্ডত অধিক সাফল্য লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু ধনৰ প্ৰয়োজন৷ সেয়েহে আমি লাহে লাহে এই দিশত অগ্ৰসৰ হ’ব লাগিব৷

পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান৷

যোৱা পাঁচ বছৰত আমি কাম কৰিছো৷ স্বাক্ষৰতাৰ দিশত আমি শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আছো৷ কোভিড ব্যৱস্থাপনাত আমি শীৰ্ষ ৰাজ্যৰ ভিতৰত থাকিম৷

ছিক্কিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যক অক্সিজেন অসমে দিছে৷

কোভিডৰ ৰিকভাৰী ৰেট, মৰ্টেলিটী ৰেট আৰু ডিজিজ বাৰ্ডেন ৰেটৰ দিশত অসমে এইবাৰো প্ৰথম দুখন ৰাজ্যৰ মাজত থাকিব।

ঝাৰখণ্ড, তেলেংগানী আদি ৰাজ্যকো আমি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছো।

অসমৰ কোভিড ব্যৱস্থাপনা আন কোনো ৰাজ্যৰ লগত তুলনা নহয়।

আজি সমগ্ৰ উত্তৰ-পূবৰ ৰাইজ অসমৰ প্ৰতি কৃতজ্ঞ।

চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসকে নিৰন্তৰ সেৱা আগবঢ়াইছে৷ চিকিৎসকক জনসাধাৰণে প্ৰশংসাৰে ওপচাই দিছে৷

আজি সমগ্ৰ উত্তৰ-পূবৰ ৰাইজ অসমৰ প্ৰতি কৃতজ্ঞ।

অসমত এগৰাকী ৰোগীয়েও আই চি ইউ নোপোৱাকৈ থকা নাই।

যিদিনাৰ পৰা আমাৰ চৰকাৰ আহিলে মন্ত্ৰীসকলে দিনে-নিশাই চিকিৎসালয় পৰিদৰ্শন কৰিছে৷

কোভিড পজিটিভিটিৰ ৰেট ইতিমধ্যে পাঁচ শতাংশৰ তললৈ আনিছো৷

নিৰ্বাচনোত্তৰ কালছোৱাত কোভিড ব্যৱস্থাপনাত কংগ্ৰেছে স্পীডব্ৰেকাৰ লগাই দিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলৰ মানসিকতাত সংশোধনৰ প্ৰয়োজনীয়তা আছে।

গহপুৰ-নুমলীগড়ত নতুন দলং আৰম্ভ হ’ব৷

জাতীয় জীৱন নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো৷

জনভাগিদাৰীৰ বাবে আমি চিএম ৰিলিফ ফাণ্ডৰ অনুদানৰ আহ্বান জনাইছো৷

দান লোৱাটো আমাৰ সংস্কৃতি, জীৱনৰ লগত জড়িত৷

জনভাগীদাৰী আৰু জন সহযোগিতাক কেতিয়াও স্বীকাৰ নকৰাকৈ থাকিব নালাগে।

অসম যদি নিৰ্মাণ কৰিব লাগে, জনভাগীদাৰীৰ জৰিয়তে নিৰ্মাণ কৰিব লাগিব।

টেক্স নলগোৱাটো আত্মবিশ্বাসৰ চিন।

যোৱা ো’ভিডত আমি পেট্ৰ’ল ডিজেলত কৰ আৰোপ কৰিছিলো৷ এইবাৰ আমি নকৰো৷

আমাৰ লক্ষ্য হ’ব লাগিব চাৰে তিনি কোটি জনসাধাৰণক ভেকচিন প্ৰদান কৰাতো৷

ব্ৰহ্মপুত্ৰত খনন সম্ভৱ নহলেও বানৰ পৰা অসমক মুক্ত কৰাৰ বাবে উপনৈসমূহত খননৰ চেষ্টা কৰিম।

এন আৰ চি পুনৰীক্ষণৰ প্ৰতিশ্ৰুতি পালন কৰিম৷

মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ আৰু বিৰোধীকো কম আপোনালে ভৰিৰ তলৰ মাটি এৰি নিদিব৷

বানমুক্ত অসম নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে কাম কৰিব৷ কিন্তু মথাউৰি নিৰ্মাণৰ কাৰণে আমি বেলেগ এটা এজেন্সি গঠন কৰিম৷

মই মাদ্ৰাছা খুলিবলৈ নিদিও৷

চাহ বাগিছাৰ উন্নয়নৰ বাবে আমি একেলগে কাম কৰিম৷

গো আমাৰ মাতৃ৷ ভাৰতীয় সংবিধানৰ অধীনত গো হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ অব্যাহত থাকিব৷

যেতিয়া এআইইউডিএফ এ ক’ব কোনেও সত্ৰৰ মাটি দখল কৰিব নালাগে তেতিয়া নতুন সমাজৰ সৃষ্টি হ’ব৷

নব্বৈ শতাংশ বিষয়বস্তুতে শাসক-বিৰোধী বিধায়কৰ সহমত আছে, দহ শতাংশ বিষয়তহে মত বিৰোধ আছে। প্ৰথমে সহমত থকা বিষয়বিলাকত একেলগে কাম কৰিম। এইখন সদনে নতুন অসম নিৰ্মাণ কৰিব পাৰিব।

আমি সংকল্প লৈ আহিছো বেয়া কাম নকৰো৷ বেয়া কাম হ’লে আপোনালোকে দেখুৱাই দিব৷

অসমৰ যদি অৰ্থনৈতিক বুনিয়াদ কৰিব লাগে তেতিয়াহ’লে কৃষিখণ্ডত গুৰুত্ব দিব লাগিব৷ আমি এটা এটাকৈ সকলো কাম কৰিম৷

মন্ত্ৰীসকলক বিৰোধীৰ প্ৰতি গঠনমূলক ভূমিকা ৰখাৰ আহ্বান৷

জননী আৰু জন্মভূমিৰ সেৱাত আমি সকলোকে উৎসৰ্গিত হোৱাৰ আহ্বান।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd