সোমবাৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দিছপুৰ আৰু বেলতলা ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত লগতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃবৃন্দৰ উপস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীৰ ৭৯তম জন্মদিনত মানবেন্দ্ৰ শৰ্মা চৌহদৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যালয়ত অতি আৰম্বপূৰ্ণ ভাৱে কেক কাটি জন্ম দিন পালন কৰা হয়।
উক্ত অনুস্থানটো গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মাই আঁত ধৰি ছোনিয়া গান্ধীৰ বিভিন্ন কৰ্মৰাজী ওপৰত আলোকপাত কৰে। তাৰপিছতেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়াই ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত ছোনিয়া গান্ধীয়ে তেখেতৰ ছাঁটোৰ দৰে যে সঙ্গ দিছিল সেই কথা উল্লেখ কৰে।
ইয়াৰ পিছত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ছোনিয়া গান্ধীয়ে কংগ্ৰেছ দলৰ বাবে কৰা কৰ্মৰাজীৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত কি ধৰণে মহিলা সকল জড়িত হব পাৰে। এইক্ষেত্ৰত আত্ম সহায়ক গোট আৰু আন আন প্ৰকল্পৰ জৰিয়তে মহিলা সবলীকৰণৰ ক্ষেত্ৰত যি উদ্যোগ হাতত লৈছিল সেই বিষয়ে বিস্তৃত ভাৱে বাখ্যা আগবঢ়ায়।
শেষত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(সংগঠন) বিপুল গগৈয়ে ভাৰতৰ কংগ্ৰেছ দলৰ বেয়া দিনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ছোনিয়া গান্ধীয়ে দলটোক শক্তিশালী ৰূপত প্ৰয়াস কৰাৰ অৱদানৰ কথা উল্লেখ কৰে। এইক্ষেত্ৰত বিশেষভাৱে নাগৰিকৰ তথ্য জনাৰ অধিকাৰ আৰু খাদ্য সুৰক্ষা আৰু কৰ্ম সংস্থানৰ আইনৰ ওপৰত বিস্তৃতভাৱে বাখ্যা কৰে।
আজিৰ এই অনুষ্ঠানত অসম বিধান সভাৰ সদস্য সুভম চৰকাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(সংগঠন) বিপুল গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক(প্ৰশাসন) ৰামান্না বৰুৱা প্ৰমুখ্যে ৰাজ্যিক নেতৃত্ব মেহদী আলম বৰা, বিদিশা নেওগ, হেমন্ত অধিকাৰী, অৰুণ তিৱাৰী, নৃপেন ঠাকুৰীয়া, বিপুল চক্ৰৱৰ্তী, প্ৰবীন চন্দ্ৰ বৰা, নুৰ মহম্মদ আলীক কেন্দ্ৰ কৰি বহুত নেতা উক্ত অনুষ্ঠানত উপস্থিত থাকে।