IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

বুধবাৰে আইপিএলৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত হায়দৰাবাদৰ ‘ছানৰাইজ’ (সূৰ্যোদয়)দেখিবলৈ পোৱা গ’ল। আইপিএলৰ ইতিহাসত অভিলেখ গঢ়ি সৰ্বকালৰ সৰ্বোচ্চ ২৭৭ ৰাণ কৰি হায়দৰাবাদে মুম্বাইৰ সন্মুখত যেন আগবঢ়াই দিলে `এটা দাঙিব নোৱাৰা শিল’।

আই পি এলত সৰ্বোচ্চ ৰাণৰ চাপ চম্ভালিব পৰা নাছিল মুম্বাই ইণ্ডিয়ানে। যুঁজ দিয়ো ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হয় মুম্বাই। হাৰ্দিক পাণ্ডিয়াই এতিয়াও নতুন অধিনায়ক হিচাপে মুম্বাইক পুনৰ বিজয়ীৰ তালিকালৈ আনিব পৰা নাই। একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত ৫ বাৰৰ আই পি এল বিজয়ী দলটোৱে যথেষ্ট চাপত পৰিছে৷

আক্ৰমণাত্মক অভিষেক শৰ্মা। ফটো সৌজন্যঃ আইপিএল।

বুধবাৰৰ খেলখন আছিল বেটছমেনৰ স্বৰ্গভূমি। হায়দৰাবাদৰ বেটছমেনসকলে প্ৰথমে বেটিং কৰিবলৈ আহি ধুমুহাৰ সৃষ্টি কৰে। হেনৰিক ক্লাচেনৰ পৰা অভিষেক শৰ্মালৈকে কোনোৱে মুম্বাইৰ বলাৰসকলক তছনছ কৰিবলৈ পিছ পৰি নাথাকিল।

অৰেঞ্জ আৰ্মিৰ বেটছমেনসকলে ইটোৰ পিছত সিটো বল খেলপথাৰৰ বাহিৰলৈ পঠিয়ায়। গোটেই ইনিংছটোত তেওঁলোকে ১৮টা ছয় আৰু ১৯টা চাৰি মাৰে। অৱশেষত ছানৰাইজাৰ্ছৰ ইনিংছ ২৭৭ ৰাণত সামৰণি পৰে।

বিস্ফোৰক হেনৰিক ক্লাছেন। ফটো সৌজন্যঃ আইপিএল।

আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি হায়দৰাবাদে এক অভিলেখ গঢ়ি তুলিলে। বুমৰাহৰ বাহিৰে মুম্বাইৰ সকলো বলাৰৰ ইক’নমি দহতকৈও অধিক।

অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ বেটছমেনসকলে পাহাৰ সদৃশ টাৰ্গেটক লৈ ভয় কৰা নাছিল। ৰোহিত শৰ্মা আৰু ঈশান কিষানে হায়দৰাবাদে যি মুডত বেটিং কৰিছিল, সেই মুডতে আৰম্ভণি কৰিছিল। মুম্বাইৰ জাৰ্চি পিন্ধি ২০০ সংখ্যক মেচত ১২টা বলত ২৬ ৰাণ সংগ্ৰহ কৰে ৰোহিতে। অৱশ্যে দ্ৰুত ৰাণ কৰাৰ সময়তে বিপদজনক শ্বট মাৰি আউট হয় ভাৰতীয় অধিনায়কগৰাকী। ঈশানেও ১৩টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰে। কিন্তু পাৱাৰ প্লে’ত দুটা অ’পেনাৰ হেৰুৱাই মুম্বাইৰ ৰাণৰ গতি অলপ নিস্তেজ হৈ পৰে।

ৰোহিত-ইশানৰ আক্ৰমণাত্মক আৰম্ভণি। ফটো সৌজন্যঃ আইপিএল।

তথাপিও তিলক ভাৰ্মাই দলটোক এককভাৱে টানিবলৈ চেষ্টা কৰে। তেওঁ ৩৪টা বলত ৬৪ ৰানৰ এক দমনীয় ইনিংছ খেলে। কিন্তু ৰোহিতৰ দৰেই তেওঁৱো ৰিস্ক লৈ উইকেট হেৰুৱায়। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই বেটিং কৰিবলৈ ওলাই অহাৰ সময়লৈকে খেলখন লাহে লাহে হায়দৰাবাদৰ ফালে ঘূৰি যায়।

অৱশ্যে মুম্বাইৰ সন্মুখত এটা সুযোগ আছিল। টিম ডেভিদে মাত্ৰ ২২টা বলত ৪২ ৰাণ কৰি এক শেষ প্ৰচেষ্টা চলায়। কিন্তু ক্ৰীজৰ সিটো পাৰে থকা হাৰ্দিকে ২০টা মাত্ৰ ২৪ ৰাণ কৰে। শেষত তিলকৰ সংগ্ৰাম সম্পূৰ্ণ ব্যৰ্থ হয়। মুম্বাই ২৪৬ ৰাণত ৰৈ যায়। অভিলেখেৰে ভৰা খেলখনত হায়দৰাবাদে ৩১ ৰাণত  জয়লাভ কৰে।

ছন্দহীন হাৰ্দিন। ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ২৭৭/৩ (ক্লাছেন ৮০, অভিষেক ৬৩)

মুম্বাই ইণ্ডিয়ানছঃ ২৪৬/৫ (তিলক ৬৪, ডেভিদ ৪২, কামিন্স ২/৩৫)

ছানৰাইজাৰ্ছ হায়দৰাবাদে ৩১ ৰাণত জয়লাভ কৰে।