NORTHEAST NOW (Assamese)

কিয় বাচি বাচি বিলকিছ বানো গোচৰৰ অভিযুক্তক মুক্তি দিয়া হ’ল? গুজৰাট চৰকাৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

August 18, 2023 12:24 pm · এন ই নাও নিউজ, নতুন দিল্লী

২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত ১১ জন অভিযুক্তক কিহৰ ভিত্তিত মুকলি কৰি দিয়া হ’ল? বৃহস্পতিবাৰে গুজৰাট চৰকাৰক এই প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।

বিলকিছ বানো গোচৰৰ অভিযুক্তক মুকলি কৰি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। সেই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে প্ৰশ্ন কৰে যে, “মৃত্যুদণ্ডৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হৈছিল। এই অৱস্থাত ১৪ বছৰ কাৰাদণ্ডৰ পিছত তেওঁলোকক কেনেকৈ মুকলি কৰি দিয়া হ’ল? কিয় আন কাৰাবন্দীক মুকলি কৰি দিয়া হোৱা নাই? কিয় বাচি বাচি এই অভিযুক্তসকলক এই নীতিৰ দ্বাৰা সুবিধা দিয়া হ’ল? সংস্কাৰ আৰু সমাজত পুনৰ মিলাৰ সুযোগ কেৱল দুই এজনক নহয়, সকলোকে দিয়া উচিত। আমাৰ কাৰাগাৰবোৰ কিয় উপচি পৰিছে? আমাক তথ্য দিয়ক।”

লগতে পঢ়ক: পাকিস্তানৰ মন্ত্ৰীসভাত কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাৰ পত্নী! দায়িত্ব দিয়া হৈছে মানৱাধিকাৰ বিষয়ৰ

বিলকিছ বানোৰ দোষীক মুক্তিৰ সিদ্ধান্ত ল’বলৈ কাৰাগাৰৰ পৰামৰ্শদাতা সমিতি গঠন কৰা হৈছিল। সেই সমিতিখন কিহৰ ভিত্তিত গঠন কৰা হৈছিল সেই কথাও জানিব বিচাৰে আদালতে। বিচাৰ চলি নথকাৰ পিছতো কিয় কয়দীৰ মুক্তিৰ সন্দৰ্ভত গোধৰা আদালতৰ মতামত বিচৰা হৈছিল সেই কথাও জানিবলৈ বিচাৰিছে শীৰ্ষ আদালতে।

সৰ্বোচ্চ আদালতে লগতে উল্লেখ কৰে যে এই গোচৰৰ শুনানি মহাৰাষ্ট্ৰ আদালতত হৈছিল। তেওঁলোকক দোষী সাব্যস্ত কৰা ন্যায়াধীশগৰাকীয়েও দোষীকেইজনক মুকলি কৰি দিয়া উচিত নে নাই সেই প্ৰশ্ন নাকচ কৰিছিল। তথাপিও তেওঁলোকক কিয় মুকলি কৰি দিয়া হ’ল, সেইটো আদালতে জানিব বিচাৰিছে।

লগতে পঢ়ক: চিকিৎসা বিজ্ঞানত নতুন সফলতাৰ দাবী; মানৱ শৰীৰত কাম কৰিছে গাহৰিৰ কিডনি!

গুজৰাট চৰকাৰৰ হৈ আদালতত উপস্থিত আছিল অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু। তেওঁ কয় যে এই সিদ্ধান্ত ১৯৯২ চনৰ গুজৰাটৰ ৰেহাই নীতি অনুসৰি যথাযথভাৱে লোৱা হৈছে। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ফৌজদাৰী বিধি আইনৰ ৪৩২ ধাৰা প্ৰয়োগ কৰা হৈছিল। তেওঁ কয় যে জঘন্য অপৰাধৰ পিছতো অপৰাধীক সংস্কাৰৰ সুযোগ দিব লাগে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে। তাত ৰাজ্যই এই সন্দৰ্ভত বিতং তথ্য দিব লাগিব।

বিলকিছ বানোৰ অধিবক্তা শোভা গুপ্তাই কয়, ‘’এই বিষয়ত মহাৰাষ্ট্ৰ ৰাজ্যৰ মতামতো বিচৰা হোৱা নাছিল। আনকি, কেন্দ্ৰৰ মতামতো বিচৰা হোৱা নাছিল।  উচ্চতম ন্যায়ালয়ৰ ৰায় আছিল কেৱল অভিযুক্ত ৰাধেশ্যামৰ মুক্তিৰ বিষয়ে। গুজৰাট চৰকাৰে সকলো দোষীক মুকলি কৰি দিছে।”

লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

উল্লেখ্য যে এই গোচৰৰ অন্যতম অভিযুক্ত ৰাধেশ্যাম শ্বাহে ১৫ বছৰ ৪ মাহৰ কাৰাদণ্ডৰ ৰেহাই বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আদালতে গুজৰাট চৰকাৰক বিষয়টো চোৱাচিতা কৰি দুমাহৰ ভিতৰত সিদ্ধান্ত ল’বলৈ কৈছিল।

Related News