• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2025 4:29 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামিক মৌলবাদীৰ তীব্ৰ বিৰোধিতাৰ বাবে বিশ্ববিখ্যাত কবি, গীতিকাৰ, চিত্ৰনাট্যকাৰ জাভেদ আখতাৰক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা ‘মুছাইৰা’ অনুষ্ঠান বাতিল কৰিছে পশ্চিমবংগ উৰ্দু একাডেমীয়ে। কেইবাটাও কঠোৰ মুছলমান সংগঠনে এই উৰ্দু সাহিত্য উৎসৱৰ বাবে ‘আল্লাহ বিৰোধী নাস্তিক’ জাভেদ আখতাৰক কলকাতাত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছিল। সংগঠনসমূহে সকীয়াই দিছিল যে আখতাৰক আনিলে তাছলিমা নাছৰিনৰ দৰে হিংসাত্মক প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব।

পশ্চিমবংগ উৰ্দু একাডেমীয়ে আয়োজন কৰিছিল ‘হিন্দী চিনেমাত উৰ্দু’ শীৰ্ষক সাহিত্য মহোৎসৱ আৰু আলোচনা কাৰ্যসূচী। ৩১ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰলৈ চলিব লগা আছিল মুছাইৰা আৰু আলোচনা কাৰ্যসূচী। কলকাতাত চাৰিদিনীয়া এই অনুষ্ঠানত ভাৰতীয় চিনেমাত উৰ্দুৰ ভূমিকা, কবিতা পাঠ আৰু সাংস্কৃতিক মনোৰঞ্জন আদি বিষয়ক আলোচনা কৰা হয়। ১ ছেপ্টেম্বৰৰ মুছাইৰাত মুখ্য অতিথি হিচাপে জাভেদ আখতাৰৰ দৰে এজন প্ৰখ্যাত কবিক আমন্ত্ৰণ জনোৱা হৈছিল।

ইয়াৰ লগে লগে দুটা উগ্ৰ সংগঠন ক্ৰমে জমিয়ত উলেমা-ই-হিন্দৰ কলকাতা শাখা আৰু ৱাহায়িন ফাউণ্ডেচন বিৰোধিতা কৰি ওলাই আহিল। জাভেদ আখতাৰে মুছলমান ধৰ্ম আৰু আল্লাহৰ বিৰুদ্ধে কথা কোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ আল্লাহৰ ওপৰত আস্থা আৰু বিশ্বাস কৰা নাছিল, আৰু তেনে ব্যক্তিক কলকাতালৈ আহিবলৈ দিয়া উচিত নহয়।

উৰ্দু একাডেমীয়ে জাভেদ আখতাৰৰ নিমন্ত্ৰণ প্ৰত্যাহাৰ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদ হ’ব বুলি হুংকাৰ দিয়ে জমিয়তে। ঠিক যেনেকৈ ২০০৭ চনত তাছলিমা নাছৰিনৰ বিৰুদ্ধে হৈছিল।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি একাডেমীয়ে জনাইছিল যে অনিবাৰ্য কাৰণত অনুষ্ঠানটো পিছুৱাই দিয়া হৈছে। এক সূত্ৰই ‘দ্য হিন্দু’ক জনোৱা মতে, নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জীৰ নেতৃত্বত ৰাজ্য চৰকাৰে কোনো ধৰণৰ উত্তেজনা বৃদ্ধি কৰিবলৈ অনিচ্ছুক। সেয়ে সংঘাতত সোমোৱাতকৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে।

জাভেদ আখতাৰ এজন স্বঘোষিত নাস্তিক আৰু ধৰ্মনিৰপেক্ষ মানৱতাবাদী। তেওঁ নিজকে এজন সংস্কৃতিবান মুছলমান বুলি পৰিচয় দিবলৈ পছন্দ কৰে। এই সন্দৰ্ভত পশ্চিমবংগ উৰ্দু একাডেমীৰ সম্পাদক নুজৰত জৈনাবে কয় যে অনিবাৰ্য কাৰণত চাৰিদিনীয়া এই অনুষ্ঠান বাতিল কৰা হৈছে। সংবাদ মাধ্যমৰ হেঁচাত তেওঁ একেই কথা কৈ থাকে। মানৱ অধিকাৰ কৰ্মী শ্ববনম হাছমীয়ে কয় যে ভাৰত কোনো হিন্দুৰ দেশ নহয় বা মুছলমানৰ দেশ নহয়। যিসকল নাস্তিক বা ঈশ্বৰ বা আল্লাহক বিশ্বাস নকৰে, তেওঁলোকৰো এই দেশত জীৱন আৰু বাক স্বাধীনতা আছে। লগতে কয় যে বহু ধৰ্মীয় দেশতো কোনো ধৰ্মত বিশ্বাস নকৰা বহু লোক আছে। গতানুগতিক মুছলমানসকলৰ ভয়ত এই অনুষ্ঠান বাতিল কৰা ঘটনাক গৰিহণা দিয়ে কবি আৰু সাহিত্যিক গৌহৰ ৰাজাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm
কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

কেৰালাত বিফল হ’ল জালিয়াতিৰ কাণ্ড: আৰক্ষী অধীক্ষকৰ ৰূপ লৈ প্ৰৱঞ্চনাৰ চেষ্টা

September 1, 2025 4:28 pm
আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

আফগানিস্তানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৬১০ জনলৈ বৃদ্ধি : জনালে তালিবানৰ গৃহ মন্ত্ৰালয়ে

September 1, 2025 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

আয়োগ আৰু ৰাজনৈতিক দলৰ মাজত অনাস্থা দুৰ্ভাগ্যজনক: উচ্চতম ন্যায়ালয়

September 1, 2025 5:15 pm
তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

তছলিমাৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নিবিচাৰে আয়োজকে! ইছলামিক মৌলবাদীৰ ভাবুকিৰ বাবে বাতিল জাভেদ আখতাৰৰ ‘মুছাইৰা’

September 1, 2025 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd