সাজু থাকক শাস্তিমূলক ব্যৱস্থাৰ বাবেঃ ৰামদেৱক সকীয়নি উচ্চতম ন্যায়ালয়ৰ

Supreme Court To Ramdev

বিভ্ৰান্তিকৰ বিজ্ঞাপনক লৈ পতঞ্জলি আয়ুৰ্বেদৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱ আৰু পৰিচালন সঞ্চালক বালকৃষ্ণৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। শীৰ্ষ আদালতে লগতে উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ বিপক্ষে ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰদান কৰিছে।

ইতিপূৰ্বৰ শুনানিৰ নিৰ্দেশনা অনুসৰি আজি আদালতত উপস্থিত থকা ৰামদেৱে বিনাচৰ্তে ক্ষমাপ্ৰাৰ্থনা বিচাৰে যদিও শীৰ্ষ আদালতে ৰামদেৱৰ ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য কৰে।

ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে লগতে পতঞ্জলিৰ ঔষধৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেন্দ্ৰৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে। পতঞ্জলিয়ে এলোপেথীত ক’ভিডৰ কোনো প্ৰতিকাৰ নাই বুলি প্ৰচাৰ কৰাৰ সময়ত কেন্দ্ৰই কিয় চকু মুদি আছিল বুলি প্ৰশ্ন কৰে বিচাৰপীঠে।

উচ্চতম ন্যায়ালয়ে বাবা ৰামদেৱ আৰু বালকৃষ্ণক অন্তিম সুযোগ প্ৰদান কৰি এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ১০ এপ্ৰিলত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি  ৰামদেৱ আৰু বালকৃষ্ণক আদালতত উপস্থিত থাকিবলৈও নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

উল্লেখ্য যে, ইতিপূৰ্বে যোৱা ২৭ ফেব্ৰুৱাৰীত শীৰ্ষ আদালতে ৰামদেৱ আৰু বালকৃষ্ণক পতঞ্জলিৰ ঔষধৰ বিভ্ৰান্তিকৰ তথ্য দিয়া সকলো ইলেক্ট্ৰনিক আৰু ছপা বিজ্ঞাপন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।