‘বিধৱাই মেকআপ নকৰে, কিয় এই অপবাদ!’ পাটনা উচ্চ ন্যায়ালয়ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মেকআপ সামগ্ৰী আৰু এগৰাকী বিধৱাৰ ওপৰত উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণক ‘অতি আপত্তিজনক’ বুলি অভিহিত কৰিছে। বুধবাৰে ন্যায়াধীশগৰাকীয়ে কয় যে এনে মন্তব্য আইনৰ পৰা আশা কৰা সংবেদনশীলতা আৰু নিৰপেক্ষতাৰ সৈতে অসঙ্গতিপূৰ্ণ।

১৯৫৮ চনত বিহাৰৰ মুংগেৰত হোৱা এক হত্যাকাণ্ডৰ গোচৰত পাটনা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল। তাৰ শুনানিৰ সময়তে ন্যায়াধীশে এই মন্তব্য কৰে।

জানিব পৰা মতে, মূল গোচৰটোত মহিলাগৰাকীৰ পিতৃৰ ঘৰ এটা দখল কৰিবলৈ অভিযুক্তই এগৰাকী মহিলাক অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। পাটনা উচ্চ ন্যায়ালয়ে এই গোচৰত পাঁচজন ব্যক্তিক দোষী সাব্যস্ত কৰাৰ লগতে বাকী দুজন সহ অভিযুক্তক দোষমুক্ত কৰে।

এই গোচৰত উচ্চ ন্যায়ালয়ত প্ৰশ্ন উত্থাপন হৈছিল যে মহিলাগৰাকীক যি ঘৰৰ পৰা অপহৰণ কৰা হৈছিল তেওঁ দৰাচলতে সেই ঘৰত বাস কৰিছিল নে নাই? যুক্তি-তৰ্ক শুনাৰ পিছত উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ আছিল, যিহেতু সেই ঘৰত কিছু মেকআপ সামগ্ৰীৰ বাহিৰে একো পোৱা নগ’ল আৰু যিহেতু অপহৃত মহিলাগৰাকী বিধৱা আছিল, গতিকে ধৰি ল’ব পাৰি যে তেওঁ সেই ঘৰত নাছিল। এই অৰ্থত আদালতে অভিযুক্ত দুজনক দোষমুক্ত কৰে।

বুধবাৰে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে উল্লেখ কৰে যে, য’ত সাক্ষী-প্ৰমাণে ইংগিত দিয়ে যে মহিলাগৰাকীয়ে আগতে একেটা ঘৰতে বাস কৰিছিল, মেকআপৰ সামগ্ৰী চাই বিধৱা হিচাপে সেয়া ব্যৱহাৰ নকৰাৰ সম্ভাৱনা কেনেকৈ প্ৰামাণৰ তথ্যা হ’ব পাৰে?

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়, ‘আমাৰ মতে উচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণ কেৱল আইনগতভাৱে অযোগ্যই নহয় বৰঞ্চ অতি আপত্তিজনক। এই প্ৰকৃতিৰ এটা স্পষ্ট পৰ্যবেক্ষণ আইন বা আদালতৰ পৰা আশা কৰা সংবেদনশীলতা আৰু নিৰপেক্ষতাৰ সৈতে অসঙ্গতিপূৰ্ণ।’

ন্যায়াধীশসকলে লগতে কয়, ‘কেৱল কিছুমান মেকআপ সামগ্ৰীৰ উপস্থিতিয়েই সেই ঘৰত এগৰাকী মহিলা বাস কৰিছিল নে নাই তাৰ নিৰ্ণায়ক প্ৰমাণ হ’ব নোৱাৰে। মেক-আপৰ সামগ্ৰীবোৰ অযুক্তিকৰভাৱে মৃতকৰ সৈতে জড়িত কৰা হৈছিল।’