পুনৰ আঘাত! নিৰ্বাচন আয়োগৰ পাছত উচ্চতম ন্যায়ালয়তো মুখথেকেচা উদ্ধৱ থাকৰেৰ

নিৰ্বাচন আয়োগৰ পাছত এইবাৰ উচ্চতম ন্যায়ালয়তো মুখথেকেচা খাইছে উদ্ধৱ থাকৰেই। শিৱসেনাৰ নাম আৰু নিৰ্বাচনী প্ৰতীক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। অৱশ্যে এতিয়াও আশা নিৰ্বাপিত হোৱা নাই উদ্ধৱ থাকৰেৰ ফৈদৰ।

বুধবাৰে উচ্চতম ন্যায়ালয়ে কয় যে আমি আদেশ স্থগিত ৰাখিব নোৱাৰো, ই দলটোৰ অভ্যন্তৰীণ চুক্তিবদ্ধ সম্পৰ্কীয় বিষয়। অৱশ্যে ন্যায়ালয়ে উদ্ধৱ থাকৰেৰ আবেদন সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। দুসপ্তাহৰ ভিতৰত সিন্দে আৰু নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ কোৱা হৈছে।

ইফালে বেংক একাউণ্ট আৰু সম্পত্তি অধিগ্ৰহণৰ ক্ষেত্ৰত কোনো বাধা নাই বুলি মন্তব্য কৰিলেও উচ্চতম ন্যায়ালয়ে আয়োগৰ নিৰ্দেশক স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে। তিনি সপ্তাহৰ পাছত উচ্চতম ন্যায়ালয়ে আবেদনখৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব।

শিৱসেনাৰ নিৰ্বাচনী প্ৰতীক সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰুদ্ধে উদ্ধৱ থাকৰেৰ আবেদনখন বুধবাৰে মুখ্যন্যায়াধীশ  ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰদিৱালাৰ তিনিজনীয়া বিশেষ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে।

আবেদনত নিৰ্বাচন আয়োগৰ সিদ্ধান্ত স্থগিত ৰখাৰ দাবী তুলিছে উদ্ধৱ থাকৰেই। উল্লেখ্য যে নিৰ্বাচন আয়োগে একনাথ সিন্দেৰ ফৈদক শিৱসেনা দলৰ স্বীকৃতি আৰু নিৰ্বাচনী প্ৰতীক প্ৰদান কৰিছিল।

উদ্ধৱ থাকৰে ফৈদৰ হৈ অধিবক্তা কপিল ছিবালে কয় যে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ ভিত্তি হৈছে সংখ্যাগৰিষ্ঠতা। ৩৮ জন বিধায়কৰ স্থিতিৰ আধাৰত এই সিদ্ধান্ত দিয়া হৈছে। নিৰ্বাচন আয়োগে অযোগ্যতাৰ অধীনত থকা বিধায়কৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ভুল কৰিছে। সাংবিধানিক বিচাৰপীঠৰ সিদ্ধান্তলৈ উচ্চতম ন্যায়ালয়ে অপেক্ষা কৰা উচিত আছিল। ছিবালৰ মতে সিন্দে শিবিৰৰ বহু বিধায়কক অযোগ্য ঘোষণা কৰাৰ সম্ভাৱনা আছে।