যোৱা বছৰ বিধানসভা নির্বাচনৰ পূর্বে জম্মু-কাশ্মীৰৰ আঞ্চলিক দলসমূহে প্রতিশ্রুতি দিছিল যে তেওঁলোকে ক্ষমতালৈ আহিলে পূৰ্ণাংগ ৰাজ্যিৰ মৰ্যাদা পুনৰ ঘূৰাই আনিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত জম্মু ভ্ৰমণৰ সময়ত এই কথা আশ্বাস প্ৰদান কৰিছিল।
শেহতীয়া তথ্য অনুসৰি এই সপ্তাহতে জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ অধিকাৰ পুনৰ ঘূৰাই অনাৰ দাবীজনা কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিচাৰপীঠে এই গোচৰৰ শুনানি অহা শুকুৰবাৰে হ’ব বুলি সদৰী কৰিছে। প্ৰসংগক্ৰমে ছবছৰ পূৰ্বে (৫ আগষ্ট, ২০১৯) সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰা হয়। জম্মু-কাশ্মীৰেও ৰাজ্যৰ মৰ্যাদাও হেৰুৱায়। আৰু জম্মু-কাশ্মীৰক দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল জম্মু-কাশ্মীৰ আৰু লাডাখ।
২০২৪ বৰ্ষত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু চৰকাৰ গঠনৰ সময়ৰ পৰাই পূৰ্ণৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী অধিক শক্তিশালী হৈ উঠিছে। বিধানসভা নির্বাচনৰ পাছতো ৰাজ্যিক মৰ্যাদা পুনৰ ঘূৰাই অনা হ’ব বুলি আশ্বাস দিছিল৷ কিন্তু লোকসভা নির্বাচন আৰু জম্মু-কাশ্মীৰ বিধানসভা নির্বাচনৰ পাছতো জম্মু-কাশ্মীৰে এতিয়াও পূর্ণ ৰাজ্যিক স্থান লাভ কৰিব পৰা নাই৷
এনে পৰিস্থিতিত মহাবিদ্যালয়ৰ শিক্ষক জাহুৰ আহমেদ ভাট আৰু সমাজকৰ্মী খুৰশ্বিদ আহমেদ মালিকে জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্য পুনৰ প্ৰদানৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকে দাবী কৰিছে যে জম্মু-কাশ্মীৰক ৰাজ্যৰ অধিকাৰ প্ৰদান নকৰাৰ ফলত নাগৰিকৰ অধিকাৰত বিৰূপ প্ৰভাৱ পৰিছে। এই গোচৰটো যোৱা বছৰ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল। আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে জম্মু-কাশ্মীৰক ৰাজ্যিক স্থান পুনৰ ঘূৰাই অনাৰ পূৰ্বে বিধানসভা (বিধন সভা) গঠন কৰাটো ফেডাৰেলিজমৰ ধাৰণা বিৰোধী।
প্ৰকাশিত তথ্য অনুসৰি, মঙলবাৰে অধিবক্তা গোপাল শংকৰানাৰায়ণে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ আদালতত কয় যে শুকুৰবাৰে (৮ আগষ্ট) গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰিছে। শুকুৰবাৰৰ বাবে শুনানিৰ তালিকাৰ পৰা এই গোচৰটো আঁতৰোৱা নহ’ব বুলিও শীর্ষ ন্যায়ালয়ে জানিবলৈ দিয়ে৷