• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামদেৱৰ পতঞ্জলিক সকীয়নি উচ্চতম ন্যায়ালয়ৰ : প্ৰতিটো সামগ্ৰীৰ বাবে ভৰিব লাগিব ১ কোটি টকাকৈ জৰিমণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 8:30 am
2.3k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে সকীয়নি প্ৰদান কৰিছে পতঞ্জলীৰ স্বতাধিকাৰ বাবা ৰামদেৱক। আয়ুৰ্বেদৰ গৱেষণাৰ ভিত্তিত সামগ্ৰী প্ৰস্তুতৰ নামত বিজ্ঞাপনত বিভিন্ন ৰোগ নিৰাময়ৰ মিছা আৰু বিভ্ৰান্তিকৰ দাবীৰ বিৰুদ্ধে পতঞ্জলিক সকীয়াই দিছে সৰ্বোচ্চ ন্যায়ালয়ে। যদিহে এনে ভুৱা বিজ্ঞাপন তৎক্ষণাত বন্ধ নহয়, তেন্তে পতঞ্জলিৰ প্ৰতিটো সামগ্ৰীৰ ওপৰত এক কোটি টকাৰ জৰিমনা আৰোপ কৰা হ’ব বুলিও উচ্চতম ন্যায়ালয়ে কয়।

মঙলবাৰে ভাৰতীয় চিকিৎসা সংস্থাই পতঞ্জলিৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে পতঞ্জলি কোম্পানীটোক কঠোৰ ধমক জাৰি কৰি কয় যে, ‘পতঞ্জলিয়ে আয়ুৰ্বেদৰ সকলো মিছা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন শীঘ্ৰে বন্ধ কৰিব লাগে। এই আদেশ অমান্য হ’লে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

প্ৰসংগক্ৰমে ২০২২ চনৰ ২৩ আগষ্টত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়, আয়ুচ মন্ত্ৰালয় আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ জাননী প্ৰেৰণ কৰে। ভাৰতীয় চিকিৎসা সংস্থাই অভিযোগ কৰে যে ৰামদেৱ আৰু তেওঁৰ সংগঠনে টিকাকৰণ আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে অভিযান চলাইছিল।

কালি শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক আয়ুৰ্বেদক আধুনিক চিকিৎসা বিজ্ঞানৰ বিৰুদ্ধে কোনো ধৰণৰ বিভ্ৰান্তিকৰ দাবী বা বিজ্ঞাপন দিয়াৰ পৰা বাধা প্ৰদান কৰে। লগতে সকীয়াই দিয়া হৈছে যে যদি পতঞ্জলিয়ে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত কোনো ধৰণৰ ভুৱা দাবী বা অভিযান চলায় তেন্তে প্ৰতিটো সামগ্ৰীৰ ওপৰত ১ কোটি টকা জৰিমনা ভৰিব লাগিব।

একে সময়তে কেন্দ্রক উচ্চতম ন্যায়ালয়ে নিৰাময়ৰ এনে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈও কয়। পতঞ্জলিৰ বিৰুদ্ধে ভাৰতীয় চিকিৎসা সংস্থাৰ গোচৰৰ শুনানি অহা ৫ ফেব্ৰুৱাৰী, ২০২৪ত হ’ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd