NORTHEAST NOW (Assamese)

মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰা জামিন উচ্চতম ন্যায়ালয়ৰ

July 28, 2023 3:29 pm · এন ই নাও নিউজ, গুৱাহাটী

২০১৮ চনত সংঘটিত হোৱা ভীমা কৰেগাও হিংসাত্মক ঘটনাৰে সম্পৰ্কিত তথা মাওবাদীৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত সক্ৰিয়কৰ্মী ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰাক বৃহস্পতি বাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰাৰ উক্ত মাওবাদীৰে জড়িত গোচৰটোত জামিন প্ৰদান কৰে। 

লগতে উচ্চতম ন্যায়ালয়ে গনছালভেছ আৰু ফেৰিয়েৰা দুয়োকে মহাৰাষ্ট্ৰ ৰাজ্য এৰি নাযাবলৈ নিৰ্দেশ দিয়ে।

ভাৰ্নন গনছালভেছ আৰু অৰুণ ফেৰিয়েৰা দুয়োজনেই ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত আৰু মাওবাদী সম্পৰ্কৰ অভিযোগত অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন, ২০০২ৰ অধীনত বিচাৰৰ সন্মুখীন হৈছে। 

উল্লেখ্য যে, এই দুই অভিযুক্তৰ জামিন প্ৰদানৰ এই ৰায়দান কৰে ন্যায়াধীশ অনিৰুদ্ধ বসু, ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ জে জেৰ বিচাৰপীঠে।

Related News