তেজপুৰৰ পৰা উদ্ধাৰ কৰি অনা এটা বৰকাছৰ আজি অস্ত্ৰোপচাৰ কৰা হয় কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ৷
তেজপুৰত বৰশীত লগা এটা অতি বিৰল প্ৰজাতিৰ বৰ কাছক স্থানীয় লোকে শনিবাৰৰ দিনা উদ্ধাৰ কৰি তেজপুৰৰ বন বিভাগক অৰ্পণ কৰিছিল ৷
পেটৰ ভিতৰত সুতাৰে সৈতে এটা বৰশী সোমাই থকা বৰ কাছটোক বনবিভাগে আজি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাৰ বাবে অৰ্পণ কৰে ৷
কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে এক্সৰেৰ সহায়ত কাছটোৰ পেটত থকা বৰশীতো নিশ্চিত কৰি অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় ৷
চেতনা নাশক প্ৰয়োগ কৰি কেন্দ্ৰৰ অস্ত্ৰোপচাৰ কক্ষত বৰ কাছটোৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি অতি সফলতাৰে পেটৰ ভিতৰৰ পৰা সুতা সহ বৰশীটো উলিয়াবলৈ সক্ষম হয় ৷
অস্ত্ৰোপচাৰৰ শেষত সম্প্ৰতি বৰকাছটো বিপদ মুক্ত হ’ব বুলি আশাবাদী পশুচিকিৎসক ডা৹ চামচুল আলী ৷ বৰ্তমান বন্যপ্ৰাণী পুনসংস্থাপন আৰু সমৰক্ষণ কেন্দ্ৰতে নিৰীক্ষণত ৰখা হৈছে বৰকাছটো ৷