সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰীয়ে ৰক্ষা কৰিলে মাতৃৰ শেষ প্ৰতিশ্ৰুতি

435226-sushma

প্ৰসিদ্ধ অধিবক্তা হৰিশ ছালভে আৰু সুৰমা স্বৰাজৰ কন্যা বাঞ্চুৰি। ফটো : টুইটাৰ

প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ শেষ ইচ্ছা তেওঁৰ কন্যা বাঞ্চুৰীয়ে শুকুৰবাৰে পূৰণ কৰে। বাঞ্চুৰীয়ে তেওঁৰ মাতৃৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি অধিবক্তা হৰিশ ছালভেক এক টকীয়া এটা মুদ্ৰা অৰ্পণ কৰে।

হৰিশ ছালভেই এটকাৰ বিনিময়ত পাকিস্তানত বন্দী হৈ থকা কূলভূষণ যাদৱৰ গোচৰটো আন্ত:ৰাষ্ট্ৰীয় আদালতত চলাবলৈ মান্তি হৈছিল।

প্ৰকৃততে, প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজে ৬ আগষ্টৰ নিশা প্ৰায় ৮.৫০ বজাত দেশৰ প্ৰসিদ্ধ অধিবক্তা হৰিশ ছালভেক ফোন কৰি কৈছিল যে বুধবাৰে তেওঁ আন্ত:ৰাষ্ট্ৰীয় আদালতত কূলভূষণ যাদৱৰ গোচৰটো চলোৱাৰ বাবে ফীজটো যাতে লৈ যায়। ছালভেই এটকাৰ বিনিময়ত যাদৱৰ গোচৰটো চলাবলৈ মান্তি হয়।

৬৭ বছৰীয়া সুষমা স্বৰাজে নিজেই এই কথা টুইটাৰ যোগে জানিবলৈ দিছিল। কিন্তু সেই নিশাই হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।

চালভেই স্বৰাজৰ মৃত্যুৰ পাছতেই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে। স্বৰাজক নিশা ১০ বাজি ১৫ মিনিটত হাস্পাতললৈ লৈ যোৱা হৈছিল আৰু পোনে পোনে জৰুৰীকালীন ৱাৰ্ডলৈ লৈ যোৱা হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল।

বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ বিয়োগত ছালভেই এক আৱেগিক টুইটত কৈছিল যে ‘’মই মঙলবাৰে নিশা প্ৰায় ৮.৫০বজাত তেওঁৰ সৈতে কথা পাতিছিলো। সেয়া এক বহুত আত্মীয়তা ভৰা কথা বতৰা আছিল। তেওঁ মোক কৈছিল যে মই তেওঁক সাক্ষাৎ কৰো। তেওঁ মোক যাদৱৰ গোচৰটোৰ ১টকা ফীজটো দিব বিচাৰিছিল। মই কৈছিলো যে মই সেই বহুমূলীয়া ফীজটো ল’বলৈ নিশ্চয় আহিম।‘’

উল্লেখযোগ্য যে অধিবক্তা ছালভেৰ যুক্তি শুনাৰ পাছত আন্ত:ৰাষ্ট্ৰীয় আদালতে ইয়াৰ নিৰ্দেশত পাকিস্তানক কয় যে তেওঁলোকে যাদৱক দোষী সাৱ্যস্ত কৰা আৰু শাস্তি প্ৰদান কৰা সন্দৰ্ভত সকাৰাত্মক সমীক্ষা কৰক আৰু এই সম্পৰ্কে পুনৰ বিবেচনা কৰক।

সুষমা স্বৰাজে আন্ত:ৰাষ্ট্ৰীয় আদালতৰ উক্ত সিদ্ধান্তক ভাৰতৰ বাবে এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছিল।