NORTHEAST NOW (Assamese)

পুলিচে চিনি নোপোৱা “সন্দেহজনক” সামগ্ৰী উদ্ধাৰ ডিব্ৰুগড়ত

February 1, 2019 10:31 pm · অভীক চক্ৰবৰ্তী
Updated: February 1, 2019 10:37 pm
ডিব্ৰুগড় আৰক্ষীয়ে শুকুৰবাৰে উদ্ধাৰ কৰা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰীটো। ছবি- নৰ্থ ইষ্ট নাও।

ডিব্ৰুগড় চহৰৰ বি চি ৰ’ডৰ শান্তিপাৰাত শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰী।

সামগ্ৰীটো কি এতিয়ালৈকে চিনিব পৰা নাই, কিন্তু প্ৰাৰম্ভিক অনুসন্ধানত ইয়াক বিস্ফোৰক নহয় বুলিছে আৰক্ষীয়ে। সামগ্ৰীটো গ্ৰে’নে’দ নেকি সেয়াও আৰক্ষীয়ে এতিয়ালৈকে নিশ্চিত কৰা কৰা নাই।

জিলা আৰক্ষী অধীক্ষক সুবাসিনী শংকৰণে নৰ্থ ইষ্ট নাও-ক জনাই যে সামগ্ৰীটো পৰীক্ষাৰ বাবে পঠোৱা হৈছে। “এতিয়াই আমি একো নিশ্চিতি দিব নোৱাৰো, কাৰণ তদন্ত প্ৰাৰম্ভিক পৰ্য্যায়ত আছে। বিধি অনুসৰি আমি সামগ্ৰীবিধ ধ্বংস কৰিম,” শংকৰণে কয়।

আনহাতে শুকুৰবাৰেই তিনিচুকীয়াৰ ডিগবৈ আৰক্ষী থানাৰ অধীনৰ বগাপানী পথৰ পৰা সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে দিবাকৰ মৰাণ নামৰ এজন আলফা (স্বাধীন) “লিংকমেন”।

তেওঁৰ পৰা প্ৰায় ১.৫ কেজি বিস্ফোৰক জব্দ কৰা হয় বুলিও দাবী সেনা সূত্ৰৰ।

Related News