• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ৰ চাহ বাগিচাৰ ভিতৰত আলফা(স্বা:) উগ্ৰপন্থীৰ শূন্যলৈ গুলীচালনা

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
June 10, 2019 9:03 pm
gun-shot

প্ৰতিনিধিত্বমূলক ফটো। ফটো : টাইমছ অৱ ইণ্ডিয়াৰ সৌজন্যত

1.2k
VIEWS
Share on FacebookShare on Twitter

সন্দেহযুক্ত আলফা (স্বা:) বিদ্ৰোহীয়ে দেওবাৰে নিশা ডিব্ৰুগড় জিলাৰ হাজুৱা চাহ বাগিচাত বাগিচাখনৰ সহকাৰী পৰিচালকে দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰাৰ পাছত শূন্যলৈ গুলীচালনা কৰে।

দেওবাৰে নিশা দুখন বাইকত উঠি অহা ব্যক্তিয়ে বাগিচাখনৰ ভিতৰলৈ সোমাই আহি বাগিচাৰ কাৰ্যালয়ৰ বাহিৰত থকা সুৰক্ষা কৰ্মীৰ পৰা আনোৱাৰৰ বিষয়ে জানিবলৈ বিচাৰে। সহকাৰী পৰিচালকজন নথকা বুলি জনোৱাত তেওঁলোকে শূন্যলৈ তিনি জাই গুলী চলাই ঘটনাস্থলীৰ পৰা পলাই যায়।

ঘটনাৰ খৱৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু .২২ পিষ্টলৰ তিনিটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। এই সন্দৰ্ভত মৰান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু ঘটনাৰ অনুসন্ধান চলাই থকা হৈছে। ঘটনাৰ পাছতে চাহ বাগিচাখনৰ ভিতৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

সূত্ৰসমূহৰ মতে কেইদিনমান আগতে আলফা স্বাধীনে হাজুৱা চাহ বাগিচাৰ সহকাৰী পৰিচালক শ্বাহনৱাজ আনোৱাৰৰ পৰা ৫ লাখ টকা দাবী কৰিছিল। বিদ্ৰোহী সংগঠনটোৱে দাবী কৰা ধন দিয়াৰ পৰিৱৰ্তে আনোৱাৰে মৰান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।

’সোমবাৰে মৰান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। আমি বিষয়টোৰ অনুসন্ধান চলাই আছো আৰু আশা কৰিছো যে শীঘ্ৰে যোৱা নিশা হাজুৱা চাহ বাগিচাত শূন্যলৈ গুলীচালনা কৰা দুৰ্বৃত্তক কৰায়ত্ত কৰিব পাৰিম। ঘটনাৰ পাছতে আমি চাহ বাগিচাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছো,’’-মৰান আৰক্ষী থানাৰ আৰক্ষী বিষয়া এগৰাকীয়ে কয়।

ইপিনে, ম্যানমাৰত ম্যানমাৰ সেনাৰ আক্ৰমণত আলফা স্বাধীন আৰু আন বিদ্ৰোহী সংগঠন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ পাছত বিদ্ৰোহী সংগঠনটো হতাশ হৈ পৰিছে আৰু ইয়াৰে কিছুমানে আত্মসমৰ্পণ কৰিছে।

সূত্ৰসমূহে কয় যে আলফা স্বাধীন আৰ্থিক সংকটত পৰিছে আৰু ইয়াৰ বাবেই তেওঁলোকে ধন দাবীৰ বাবে চাহ বাগিচাসমূহক লক্ষ্য কৰি লৈছে।

এইখিনিতে উল্লেখযোগ্য যে আলফা (স্বাধীন)ৰ নামত কিছুমান দুৰ্বৃত্তয়ো উজনি অসমৰ চাহ বাগিচাসমূহত ধন দাবী কাৰ্যত সক্ৰিয় হৈ পৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd