NORTHEAST NOW (Assamese)

পুৰুষৰ কাণ্ড! চৰিত্ৰত সন্দেহ কৰি এজন লোকে কুঁৱাত ওলোমাই ৰাখিলে পত্নীক

September 6, 2023 11:34 am · এন ই নাও নিউজ, নতুন দিল্লী

এক শিহৰণকাৰী ঘটনাত মধ্যপ্ৰদেশৰ এজন লোকে নিজৰ পত্নীক এটা কুঁৱাত ওলোমাই ৰখাৰ ঘটনা সংঘটিত হৈছে। সেয়াই নহয়, গোটেই ঘটনাটো লোকজনে কেমেৰাত ৰেকৰ্ডিং কৰে।

লোকজনে সন্দেহ কৰিছিল যে তেওঁৰ পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে।

ভিডিঅ’টোত দেখা গৈছে যে মহিলাগৰাকীয়ে কান্দি কান্দি অভিযোগ কৰি আছে।   অৱশ্যে, স্বামীয়ে ইয়াত কোনো কৰুণা অনুভৱ কৰা নাছিল।

বাতৰি অনুসৰি, বহু সময়ৰ পৰিয়ালৰ হস্তক্ষেপৰ পিছত মহিলাগৰাকীক কুঁৱাৰ পৰা উলিয়াই অনা হয়।

এই ঘটনাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। জিলাখনৰ জৱাদ থানা এলেকাৰ কিৰপুৰাত সংঘটিত হৈছে এই ঘটনা।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপি স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পাছত আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। 

Related News