NORTHEAST NOW (Assamese)

বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনম সম্পৰ্কীয় আৱিষ্কাৰলৈ স্বীকৃতি: স্বান্তে পাব’লৈ ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল

October 3, 2022 7:26 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ সন্মানীয় নোবেল বঁটা বিজয়ীৰ নাম। বিলুপ্ত হোমিনিন আৰু মানৱ বিৱৰ্তনৰ জিনম সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে স্বান্তে পাব’লৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ এই সন্মানীয় বঁটা।

১৯৫৫ চনত চুইডেনৰ ষ্টকহোমত জন্মগ্ৰহণ কৰা স্বান্তে পাব’ বৰ্তমান লিপজিগৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ ইভোলিউশ্যনেৰী এন্থ্ৰোপলজীৰ সঞ্চালক হিচাপে কৰ্মৰত।

উপসালা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৮০ চনত উপসালাৰ কোষ জীৱবিজ্ঞান আৰু ৰোচে ইনষ্টিটিউট ফৰ মলিকিউলাৰ বায়োলজী বিভাগত আংশিক সময়ৰ গৱেষণা আৰু অধ্যাপনা আৰম্ভ কৰে।

উল্লেখ্য যে স্বান্তে পাব’ৰ পিতৃ চুনে বাৰ্গষ্ট্ৰমো এগৰাকী নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী। বাৰ্গষ্ট্ৰমে ১৯৮২ চনতচিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

১৮৯৫ চনত মৃত্যুবৰণ কৰা চুইডিছ আৱিষ্কাৰক আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি নোবেল বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ সৈতে এটা সোণৰ পদক আৰু ১০ নিযুত চুইডিছ ক্ৰ’নাৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে প্ৰথম অৱস্থাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তিৰ নোবেল বঁটা প্ৰদান আৰম্ভ কৰা হৈছিল যদিও ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে অৰ্থনীতিৰ নোবেল বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছিল।

আজি চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰাৰ পিছত অহা এসপ্তাহৰ ভিতৰত আন শাখাৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হ’ব।

Related News