ঘৰত বহি কেনেদৰে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব; কি ক’লে ৰামদেৱে

Ramdev

ক’ৰ’না ভাইৰাছক লৈ দেশবাসী শংকিত হৈ থকাৰ সময়তে স্বামী ৰামদেৱে যোগ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি বুলি ইণ্ডিয়া টিভিক দিয়া এটা সক্ষাৎকাৰত জনাইছে।

বাবা ৰামদেৱে সূৰ্য নমস্কাৰ, প্ৰাণায়াম আৰু কপাল ভাটিৰ জৰিয়তে এই মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাটো সম্ভৱ বুলি মন্তব্য কৰে।

যোগ গুৰুজনে লগতে কয় যে ক’ৰ’না তথা এনেধৰণৰ অন্যান্য ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে ভাল প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাটো অত্যন্তই প্ৰয়োজনীয়।

ইফালে বিভিন্ন লোকে গৰুৰ মূত আৰু গোৱৰেও ক’ৰ’না ভাইৰাছ প্ৰতিৰোধত সহায় কৰে বুলি প্ৰচাৰ চলাই থকা সন্দৰ্ভতো তাৎপৰ্যমূলক মত ব্যক্ত কৰিছে ৰামদেবে।

তেওঁ কয় যে গোমূত্ৰই কেন্সাৰ, ৰক্তচাপ, কোষ্ঠকাঠিন্য আদিৰ দৰে ৰোগহে নিৰাময়ত সহায় কৰে।

ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধক হিচাপে আয়ুৰ্বেদিক ঔষধ মচান্দেৰি যথেষ্ট উৎকৃষ্ট বুলি তেওঁ সাক্ষাৎকাৰটোত উল্লেখ কৰে।

স্বামী ৰামদেৱে গৰম পানীত মচান্দেৰিখিনি উতলাই লৈ তাত হালধি, জালুক আৰু তুলসী মিহলাই খাব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।

উল্লেখ্য যে এই পৰ্যন্ত ক’ৰ’না ভাইৰাছৰ আক্ৰান্তত চীনত প্ৰায় ৩ হাজাৰ লোকে প্ৰাণ হেৰুওৱাৰ লগতে বিশ্বৰ আন আন দেশ সমূহতো বহু লোক আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।