জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাত টাইপা’ৰ অৱস্থান ধৰ্মঘট; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Videoframe_20210903_161306_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।

টাই আহোম যুৱ পৰিষদ, অসম(টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি অসমৰ প্ৰতিখন জিলাৰ লগতে মাৰ্ঘেৰিটা মহকুমা সমিতি, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে “টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ত্ব শাসন প্ৰদান’ৰ দাবীত উত্তাল অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰাই আজি টাইপাৰ মাৰ্ঘেৰিটা সমিতিয়ে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰক হুংকাৰ প্ৰদান কৰি কয় যে অনতিপলমে টাই আহোম সকলক জনজাতিকৰণৰ মৰ্য্যদা প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ’ব।

এইক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলিও প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে।

প্ৰতিবাৰ অন্তত: মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখম স্মাৰক পত্ৰ প্ৰেৰণ কৰি টাইপাৰ দাবী সমূহ শীঘ্ৰে ৰূপায়ণ কৰিবলৈ দাবী জনায়।

উল্লেখ যে টাইপাৰ জন্মলগ্নৰ পৰাই বিগত ২৬টা বছৰে টাই আহোম সকলৰ জনজাতিকৰণৰ দাবী চৰকাৰক জনাই আহিছে যদিও আজি পৰ্য্যন্ত কোনো এখন চৰকাৰে টাইপাৰ দাবীত গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে টাইপাৰ নেতৃত্ব ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।