আফগানিস্তানৰ তিনিখন চহৰ ঘেৰাও কৰি তালিবানে চলাইছে আক্ৰমণ; তুমুল যুদ্ধত অৱতীৰ্ণ আফগান সেনা

AFGHANISTAN-TALIBAN/

ফাইল ফটো: সংগৃহীত।

আফগানিস্তানৰ তিনিখন প্ৰধান চহৰ হেৰাত, লস্কৰ গাহ আৰু কান্দাৰ তালিবানে ঘেৰি ৰাখিছে। চহৰ তিনিখন দখল কৰাৰ বাবে আফগান সেনাৰ সৈতে তুমুল সংঘৰ্ষত লিপ্ত হৈছে তালিবান বাহিনী।

আনহাতে, দুই পক্ষৰ সংঘৰ্ষৰ মাজত চহৰকেইখনৰ পৰা প্ৰাণ লৈ পলাইছে সাধাৰণ নাগৰিক।

বাতৰি অনুসৰি, লস্কৰ গাহ চহৰৰ অধিকাংশ অঞ্চল তালিবানৰ নিয়ন্ত্ৰণৰ অধীনত গুচি গৈছে।

মানৱ অধিকাৰ সংস্থাসমূহে দাবী কৰিছে যে দুয়োপক্ষৰ মাজত চলা এই তুমুল যুঁজত চহৰ তিনিখনত তীব্ৰ মানৱীয় সংকটে দেখা দিছে।

তেওঁলোকে জানিবলৈ দিছে যে এই অঞ্চলসমূহত শীঘ্ৰেই এই সংঘৰ্ষ বন্ধ কৰি সাহায্য সামগ্ৰী সৰবৰাহ কৰাটো জৰুৰী হৈ পৰিছে।

ইপিনে, লস্কৰ গাহ চহৰৰ এখন বেচৰকাৰী হাস্পাতালত আফগান বাহিনীয়ে বিমানেৰে আক্ৰমণ চলোৱাৰ ফলত এজন নিহত আৰু তিনিজন আহত হোৱা বুলি কোৱা হৈছে।

এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আফগানিস্তানৰ সামৰিক বাহিনীয়ে জানিবলৈ দিয়ে যে হাস্পাতলখনত তালিবানৰ আহত সদস্যসকলক চিকিৎসা প্ৰদান কৰি থকা হৈছিল। কিন্তু হাস্পাতাল কৰ্তৃপক্ষই এই কথা অস্বীকাৰ কৰে।

উল্লেখ্য যে আফগানিস্তানত শেহতীয়াকৈ তালিবান বিদ্ৰোহী আৰু আফগানিস্তানৰ সামৰিক বাহিনীৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে।

তালিবান বাহিনীয়ে আফগানিস্তানৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিবলৈ সামৰিক বাহিনীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।