আফগানিস্তানত ২১ বছৰৰ পিছত মাটিৰ তলৰ পৰা খান্দি উলিওৱা হ’ল তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ গাড়ী

২১ বছৰ আগতে মাটিৰ তলত পুতি থোৱা গাড়ী এখন খান্দি উলিওৱা হৈছে আফগানিস্তানত৷

গাড়ী খন এতিয়া দেশ খনৰ ৰাজধানী কাবুলৰ সংগ্ৰহালয়ত ৰখা হ’ব৷ কিন্তু কাৰ গাড়ী এই খন? তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ গাড়ী আছিল এই খন৷তালিবানে আমেৰিকাত ঘটোৱা ৯/১১ কাণ্ডৰ পিছতে মাৰ্কিন সেনাৰ চকুত ধূলি দিবলৈ মোল্লা ওমৰে গাড়ী পুতি থৈছিল৷

২১ বছৰৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰে গাড়ী খন এতিয়া মাটিৰ তলৰ পৰা খান্দি উলিয়াইছে৷

বগা ৰঙৰ টয়োটা কৰোলাটো গাড়ীখন এতিয়া ভাল অৱস্থাতেই থকা বুলি তালিবানৰ সূত্ৰই প্ৰকাশ কৰিছে৷ গাড়ীখন আফগানিস্তানৰ জাবুল প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত পুতি থোৱা হৈছিল৷গাড়ী খন পুতি থোৱাত আগভাগ লৈছিল তালিবানৰ নেতা আব্দুল জব্বাৰ ওমাৰিয়ে ৷

শেহতীয়াকৈ তালিবান নেতা আব্দুল জব্বাৰ ওমাৰিয়ে গাড়ী খন পুতি থোৱা স্থানৰ পৰা খান্দি উলিয়াবলৈ নিৰ্দেশ দিয়াৰ পিছতে গাড়ী খন খান্দি উলিওৱা হৈছে৷

আফগানিস্তানৰ তথ্য আৰু সংস্কৃতি সঞ্চালক ৰহমতুল্লাহ হাম্মাদে কয় যে গাড়ী খন এতিয়াও ভাল অৱস্থাতে আছে আৰু গাড়ীখন কাবুলৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষণ কৰা হ’ব৷ উল্লেখ্য মোল্লা ওমৰে ১৯৯৬ চনত তালিবানৰ জন্ম দিছিল৷

২০১৩ চনত মোল্লা ওমৰৰ মৃত্যু ঘটিছিল৷ গাড়ীখনে এতিয়া তালিবানৰ মনত পুনৰ ওমৰৰ স্মৃতি জগাই তুলিছে৷