আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত

ফটো: সংগৃহীত।

আফগানিস্তানৰ শাসনাধিষ্ঠ তালিবান চৰকাৰে জনাইছে যে ইয়াৰ চৰকাৰী বাহিনীৰ অভিযানত কমেও ৮জন ইছলামিক ষ্টেটৰ (আইছিছ) সন্ত্ৰাসবাদী নিহত হৈছে। তদুপৰি, কেইবাজনো আই এছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মোজাহিদে বৃহস্পতিবাৰে কয় যে ৰাজধানী কাবুল আৰু পশ্চিম নিমৰোজ প্ৰদেশত অভিযান চলোৱা হৈছিল হৈছিল। অভিযানটোত নিহত হোৱা আইএছ সদস্যসকলৰ ভিতৰত বিদেশী নাগৰিকো আছে।

লগতে পঢ়ক: তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে; গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে!

ইপিনে, পশ্চিম নিমৰোজ প্ৰদেশত দুজন আইছিছ সদস্যক গ্ৰেপ্তাৰো কৰা হৈছে।

তালিবানৰ এজন মুখপাত্ৰই কয় যে এই সন্ত্ৰাসবাদীসকলে লাঙ্গান হোটেল, পাকিস্তানৰ দূতাবাস আৰু কাবুলৰ সামৰিক বিমানবন্দৰত আক্ৰমণ চলাইছিল।