ৰাজনীতিত ভৰি দিলে চুপাৰষ্টাৰ বিজয়েঃ ঘোষণা কৰিলে নতুন দল

Thalapathy Vijay Tamilaga Vettri Kazhagam

দক্ষিণৰ তাৰকা অভিনেতা থালাপাথী বিজয়ে আজি পূৰ্ব ঘোষণা অনুসৰি আনুষ্ঠানিকভাৱে ভৰি দিলে ৰাজনীতিত। জনপ্ৰিয় অভিনেতাগৰাকীয়ে আজি নতুন দল ‘তামিলাগা ভেট্ৰি কাঝাগম’ গঠনৰ কথা ঘোষণা কৰে।

স্বচ্ছ, জাতিবাদ মুক্ত আৰু দুৰ্নীতিমুক্ত প্ৰশাসনৰ সৈতে ‘মৌলিক ৰাজনৈতিক পৰিৱৰ্তন’ৰ প্ৰতিশ্ৰুতি দি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিবলৈ আগবাঢ়িছে বিজয়।

উল্লেখ্য যে যোৱা সপ্তাহত চেন্নাইত অনুষ্ঠিত এখন বৈঠকত অভিনেতাগৰাকীৰ ফেন ক্লাব ‘বিজয় মক্কল ইয়াক্কা’- এ ৰাজনৈতিক দল গঠনৰ বাবে প্ৰস্তাৱ দিছিল।

আজি বিজয়ে এক বিবৃতি যোগে নতুন দলটিৰ পঞ্জীয়নৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত আবেদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।

অৱশ্যে অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা নকৰে আৰু আগন্তুক নিৰ্বাচনত কোনো দলক সমৰ্থন নকৰে।

তাৰ পৰিৱৰ্তে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা আৰু মৌলিক ৰাজনৈতিক পৰিৱৰ্তন আনিব পৰাটোৱেই প্ৰধান লক্ষ্য বুলি তেওঁ লগতে স্পষ্ট কৰি দিয়ে।

বিজয়ে কয়, “ৰাজনীতি মোৰ বাবে কেৱল আন এক কেৰিয়াৰ নহয়। ই এক পবিত্ৰ জনসাধাৰণৰ কাম। ইয়াৰ বাবে মই দীৰ্ঘদিন ধৰি নিজকে প্ৰস্তুত কৰি আহিছো।”

অভিনেতাগৰাকীয়ে লগতে ৰাজনীতি তেওঁৰ বাবে চখ নহয় তথা গভীৰ ইচ্ছাৰে তেওঁ নিজকে ৰাজনীতিৰ সম্পূৰ্ণৰূপে জড়িত কৰিব বিচাৰে বুলি মন্তব্য কৰে।

নিৰ্বাচন আয়োগৰ অনুমোদন লাভ কৰাৰ পিছত দলটোৱে ৰাজহুৱা সভা আৰু অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

এই সমাৱেশসমূহৰ সময়ত তেওঁলোকে নিজৰ নীতি আৰু কাৰ্য পৰিকল্পনা দাঙি ধৰাৰ লগতে পতাকা আৰু দলৰ প্ৰতীক মুকলি কৰিব বুলিও সদৰী কৰিছে।