বিলাহী ভৰ্তি ট্ৰাক লৈ উধাও দম্পতী : ১.৬ লাখ টকাত বিলাহী বিক্ৰী কৰি গ্ৰেপ্তাৰ দম্পতী

বিলাহীয়ে দেশৰ জনতাক ত্ৰাহি-মধুসূদন দেখুওৱাৰ সময়তে বিলাহী পৰিবাহী এখন ট্ৰাক ডকাইটি কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে। ইতিমধ্যে এই বিলাহী পৰিবাহী ট্ৰাকখন ডকাইটি কাণ্ডৰ ৰহস্য ফাদিল হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে, বাংগালুৰু পৰা এহাল দম্পতীয়ে বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হৈছিল। আৰক্ষীৰ মতে, যোৱা ৮ জুলাইত এম ভাস্কৰণ(৩৮) আৰু পত্নী সিন্ধুজা(৩৫)এ বিলাহী ভৰ্তি ট্ৰাকখন লৈ বাংগালুৰুৰ পৰা উধাও হৈ তামিলনাডুত ১.৬০ লাখ টকাত বিলাহীখিনি বিক্ৰী কৰে। ইতিমধ্যে অভিযুক্ত দম্পত্তীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ৮ জুলাইৰ নিশা ট্ৰাকখনৰ চালক এ শিৱান্নাই আৰ এম চি য়াৰ্ড আৰক্ষী (উত্তৰ সংমণ্ডল)ৰ কাষ চাপি অভিযোগ কৰিছিল যে অচিনাক্ত লোকে তেওঁৰ মিনি গুডছ বাহনখন লৈ উধাও হৈছে। তেওঁৰ বাহনখনত ডেৰ লাখ টকাৰো অধিক মূল্যৰ ২১০ খৰাহী বিলাহী বোজাই কৰা আছিল।

শিৱান্নাৰ অভিযোগ পিছতে আৰক্ষীয়ে বিলাহী ভৰ্তি ট্ৰাকখনৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে। প্ৰথম অৱস্থাত আৰক্ষীয়ে পথত থকা চিচিটিভিৰ ফুটেজ স্কেন কৰি বাহনখনৰ সন্ধান আৰম্ভ কৰে। চিচিটিভিৰ ফুটেজ স্কেন কৰি আৰক্ষীয়ে ট্ৰাকখন তামিলনাডুৰ ৱানিয়ামবাডীলৈ যোৱা বুলি জানিব পাৰে।

ইফালে আৰক্ষীক বিপথে পৰিচালিত কৰিলৈ দুৰ্বৃত্তই ট্ৰাকখনৰ নম্বৰ প্লেট সলনি কৰিছিল। কিন্তু, দম্পতীহালে যিখন মহিন্দ্ৰা জাইলোৰে বিলাহী ভৰ্তি ট্ৰাকখন টানি নিছিল সেইখনৰ নম্বৰ সলনি কৰা নাছিল আৰু ইয়াৰ আলম লৈয়ে আৰক্ষীয়ে দম্পতী হালৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ উপ আয়ুক্ত (উত্তৰ) শিৱপ্ৰকাশ দেৱৰাজুৱে কয় যে, “২০০ৰো অধিক চিচিটিভি ফুটেজ স্কেন কৰি তামিলনাডুৰ বিভিন্ন অঞ্চলৰ স্থানীয় লোকক জেৰা কৰাৰ পিছত আমি অভিযুক্তৰ সন্ধান লাভ কৰো আৰু শুকুৰবাৰে নিশা তেওঁলোকৰ ৱানিয়ামবাডী বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰোঁ।”

ইফালে, ভাস্কৰণক সহায় কৰা বেংগালুৰুৰ কুমাৰ আৰু মহেশ নামৰ দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভাস্কৰণৰ বিৰুদ্ধে তামিলনাডুৰ ভানিয়াম্বাডী আৰু অন্যান্য থানাত ডকাইতি, চুৰিকে ধৰি ১০টা গোচৰৰ পঞ্জীয়ন হৈ আছে।

এই বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হোৱাৰ পূৰ্বে দম্পতীহালে শিৱন্নাৰ মহিন্দ্ৰা জাইলোখন কাঢ়ি লৈছিল দম্পতীহালে। তেওঁলোকে গোৰগুণ্টেপল্যা জংচনৰ ওচৰত মহিন্দ্ৰা জাইলোৰ শিৱন্নাৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল। কিন্তু গৰাকী শিৱন্নাই ধন দিবলৈ অস্বীকাৰ কৰাত তেওঁলোকে বিলাহী ভৰ্তি ট্ৰাকখন লৈ উধাও হয়। উল্লেখ্য যে, শিৱন্নাই চিত্ৰদুৰ্গাৰ হিৰিয়ুৰৰ পৰা কোলাৰলৈ বিতৰণৰ ব্যৱসায় কৰিছিল।