NORTHEAST NOW (Assamese)

শিৱসাগৰৰ তনভী দত্তই লাভ কৰিলে “গ্লেম নৰ্থইষ্ট কিডচ্ ২০১৯” খিতাপ

July 20, 2019 12:09 pm · পার্শ্বজোতি গগৈ
ফটো : নৰ্থইষ্ট নাও

সাংস্কৃতিক নগৰী শিৱসাগৰলৈ সুখবৰ কঢ়িয়াই আনিলে তনভী দত্তই। গুৱাহাটীৰ আই টি এ মাছখোৱাত মাৰ্ফ ইনষ্টিটিউটে আয়োজন কৰা “গ্লেম নৰ্থ ইষ্ট ২০১৯ চিজন ২ ত” মিছ কিডচ্ খিতাপ অৰ্জন কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত তনভী দত্তই “গ্লেম নৰ্থইষ্ট মিছ কিডচ ২০১৯” খিতাপ অৰ্জন কৰি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে।

শিৱসাগৰৰ ডিমৌ নিৱাসী প্ৰাঞ্জল দত্ত  আৰু পলি দত্তৰ  কন্যা তনভী সৰুৰে পৰা মডেলিংৰ প্ৰতি আকৃষ্ট আছিল। তনভী শিৱসাগৰৰ হ’লিনেম স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী।

মডেলিং আৰু নৃত্য প্ৰতি হাবিয়াহ থকা তনভীয়ে ভৱিষ্যতে এগৰাকী সফল মডেল হোৱাৰ সপোন দেখিছে।

তনভীৰ এই সাফল্যত সমগ্ৰ শিৱসাগৰবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে তনভী দত্তৰ ভৱিষ্যত জীৱন উজ্জল কামনা কৰিছে।

Related News