কলকাতা বিমানবন্দৰত অভাৱনীয় দুৰ্ঘটনাঃ উৰণৰ সময়তে ৰাণৱেত দুই বিমানৰ সংঘৰ্ষ

Kolkata airport

এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা আজি কথমপি ৰক্ষা পৰিল ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ দুখন বিমান। এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল কলকাতা বিমানবন্দৰ।

বিমানবন্দৰৰ ৰাণৱেত দুখন বিমানে বিপদজনকভাৱে ইখনে সিখনক খুন্দা মৰাৰ ফলত এক প্ৰাণসংহাৰী দুৰ্ঘটনাৰ আশংকাই গা কৰি উঠিছিল। দুই বিমানত বহি থকা যাত্ৰীসকললৈ নামি আহিছিল প্ৰাণৰ সংশয়।

প্ৰকাশিত খবৰ অনুসৰি কলকাতা বিমানবন্দৰত দৰভাঙ্গা অভিমুখী ইণ্ডিগো বিমানে ৰাণৱেত চেন্নাই অভিমুখে ৰাওনাৰ বাবে সাজু হৈ থকা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন স্থিৰ বিমানত খুন্দা মাৰে।

এই ঘটনাত দুয়োখন বিমানৰ উইং টিপ ক্ষতিগ্ৰস্ত হয়। পুৱা প্ৰায় ১১.১০ বজাত সংঘটিত হয় এই ঘটনা। দুৰ্ঘটনাৰ সময়ত দুয়োখন বিমানতে যাত্ৰী আছিল। দুৰ্ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই।

সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনত ৬৩ জন যাত্ৰীৰ লগতে আছিল ৬ গৰাকী কেবিন ক্ৰু। ইফালে, দৰভংগা অভিমুখী ইণ্ডিগ’ৰ বিমানখনত ছয়জন কেবিন ক্ৰুৰ সৈতে ১৪৯জন যাত্ৰী আছিল।

ঘটনা সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক অৱগত কৰা হৈছে। বিমান নিয়ন্ত্ৰণ সংস্থাই এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। ইণ্ডিগ’ৱেও এই দুৰ্ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে।