চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ৮ জানুৱাৰিত ৰাজ্যজুৰি চাহ বাগিচা বন্ধৰ আহ্বান

Plucking_tea_in_a_tea_garden_of_Assam

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধি নীতিৰ প্ৰতিবাদত অহা ৮ জানুৱাৰিত অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহ বন্ধৰ আহ্বান জনাইছে। ৩১ ডিচেম্বৰত এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় উপ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।

যোৱা বৰ্ষৰ ২৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ মাতলংকৰ হলত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ট্ৰেড য়ুনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ সন্মিলিত অভিৱৰ্তনৰ সিদ্ধান্ত মৰ্মেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংঘৰ উপ সভাপতিগৰাকীয়ে এই কথা জনায়।

উল্লেখ্য যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ মজদুৰ সংঘই বিগত সময়ত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও চৰকাৰে শ্ৰমিকসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে মজদুৰ সংঘই পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে।

মজুৰি বৃদ্ধিৰ দাবীৰ উপৰি চাহ শ্ৰমিকৰ একমাত্ৰ উৎসৱ কৰম পৰৱক চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত নকৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে চাহ শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰ কিমান দায়বদ্ধ তাকেই প্ৰমাণ কৰা বুলি প্ৰেছ বিবৃতিত উল্লেখ কৰে।

চাহ শ্ৰমিকক বিজেপি চৰকাৰে কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আহ্বান জনোৱা চাহ বাগিচা বন্ধ সফল কৰি তুলিবলৈ অসমৰ লাখ লাখ চাহ শ্ৰমিকক ঐক্যবদ্ধভাৱে সমৰ্থন জনাবলৈ চাহ মজদুৰ সংঘৰ উপ সভাপতি ৰাজু চাহুৱে আহ্বান জনাইছে।

উল্লেখ্য যে ১৫টা দাবীৰ ভিত্তিত অহা ৮ আৰু ৯ জানুৱাৰিত সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।