‘‘চাহ জনগোষ্ঠী ছাত্ৰ সন্থা বিভাজিত হোৱা নাই আৰু কেতিয়াও নহয়’’-এই মন্তব্য আটছাৰ সভাপতি ৰাজেন কুমাৰৰ।
অলপতে শিৱসাগৰৰ মেকীপুৰত চাহ জনজনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি নামৰ এটা সংগঠন নতুনকৈ সংগঠিত হৈছে এই সংগঠনটোক সম্পূৰ্ণৰূপে অবৈধ আৰু অসাংবিধানিক আখ্যা দিয়ে আটছাৰ সভাপতি গৰাকীয়ে।
বোকাখাতত আয়োজিত এখন সংবাদমেলত অংশ গ্ৰহণ কৰি সভাপতি গৰাকীয়ে কয় যে অসমৰ ৰাইজৰ লগতে সকলো চাহ জনগোষ্ঠী জনসাধাৰণক আমি জনাব বিচাৰো যে নৱ গঠিত এনে অবৈধ সংগঠনৰ নেতৃত্বত থকা নেতা-পালি নেতাক সংগঠন বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবেই আমি আটছাৰ পৰা কেতিয়াবাই বহিস্কাৰ কৰিছো ৷
আটছাৰ মজিয়াত এতিয়া তেওঁলোকৰ স্থান নাই বুলি উল্লেখ কৰি আটছাৰ পৰা বহিস্কৃত মুস্তিমেয় কেইগৰাকীমান লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আটছাৰ বিৰুদ্ধে অপপ্ৰচাৰ আৰু ষড়যন্ত্ৰ আৰম্ভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷
আনহাতে, এনে অপপ্ৰচাৰ আৰু যড়যন্ত্ৰত পতিয়ন নাযাবৰ বাবে সভাপতি গৰাকীয়ে সকলোকে আহ্বান জনায় ৷ ১৯৪৮ চনত জন্মলাভ কৰা চাহ জনজাতি ছাত্ৰ সন্থা কঅৱমাননা কৰি একে নামেৰে সন্থা গঠন কৰা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহব বুলিও কুমাৰে সকীয়াই দিয়ে ৷
প্ৰয়োজনত এনে অবৈধ সংগঠনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জনাই আটছাৰ সভাপতি ৰাজেন কুমাৰে ৷