চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা কৰাৰ দাবীত বাগিচাই বাগিচাই উত্তাল প্ৰতিবাদ

IMG-20200121-WA0028

ফটো : নৰ্থ-ইষ্ট নাও

আজি অসম চাহ মজদুৰ সংঘৰ আহ্বানত চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

বিজেপি চৰকাৰে চাৰিটা বছৰত ভৰি দিয়াৰ পিছতো আজিলৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী চাহ শ্ৰমিক সকলে৷

চাহ শ্ৰমিকসকলে আজিও দৈনিক ১৬৭ টকা মজুৰিৰে পোহপাল দিব লগীয়া হৈছে পৰিয়াল৷

উল্লেখ্য যে, ২০১৭ চনৰ ৩১ ডিচেম্বৰতে চাহ শ্ৰমিকৰ বেতন চুক্তিৰ ম্যাদ উকলি যায়৷

অসম চাহ মজদুৰ সংঘই ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ৷

চৰকাৰৰ চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাতো আজি বিভিন্ন চাহ বাগিচাত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ৷

বিশেষকৈ নামদাং, পাৱৈ, মাকুম, ডিৰক, চেগুনবাৰী, লিডু আৰু দিহিং চাহ বাগিচাত পুৱাই অসম চাহ মজদুৰ সংঘৰ আহ্বানত বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, চাহ শ্ৰমিকৰ দৰমহা ৩৫০ টকা কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদী চাহ শ্ৰমিক সকলে৷

প্ৰতিবাদৰ অন্তত প্ৰতিবাদী চাহ শ্ৰমিক সকলে প্ৰতিখন চাহ বিগিচাৰ পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰি চাহ শ্ৰমিক সকলৰ ন্যায্য দাবী অনতি পলমে ৰূপায়ণৰ দাবী উত্থাপন কৰে৷ অন্যথা অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে৷

ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিক সকলৰ প্ৰতি এইয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ চৰম বিশ্বাসঘাটকতা বুলি মন্তব্য প্ৰকাশ কৰিছে অসম চাহ মজুদৰ সংঘৰ মাৰ্ঘেৰিটাৰ শাখাৰ সম্পাদক হৰিনন্দ গড়ে৷

ইফালে যোৰহাট জিলাৰ টীয়কতো চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ। টীয়ক এ পি পি এল টাটা চাহ বাগিচাত বাগিচাখনৰ উপ কৰ্মচাৰী সকলৰ নেতৃত্বত একঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

পূৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ধৰ্ণা কাৰ্যসূচীত কৰ্মচাৰী সকলে চাব ষ্টাফৰ দৰমহা বৃদ্ধি কৰক, বকেয়া ধন আদায় দিয়ক, মালিক পক্ষ হায় হায়, মালিক পক্ষ মিছলীয়া,  এ চি এম এছ জিন্দাবাদ, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে।