NORTHEAST NOW (Assamese)

ৰামায়ণ, মহাভাৰতক কাল্পনিক আখ্যা দিয়াৰ বাবেই শিক্ষয়িত্ৰীক বৰ্খাস্ত

February 13, 2024 6:36 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাকাব্য মহাভাৰত, ৰামায়ণক কাল্পনিক আখ্যা দি চাকৰিৰ পৰা বৰ্খাস্ত হৈছে এগৰাকী শিক্ষয়িত্ৰী। এই ঘটনা কৰ্ণাটকৰ মাংগালুৰুৰ। একাংশ হিন্দুত্ববাদী গোটে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলাৰ পিছতে তেওঁ এই শাস্তিৰ সন্মুখীন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শিক্ষয়িত্ৰীগৰাকী ছেইণ্ট গেৰোছা ইংৰাজী এইচ আৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আছিল। বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ সময়ত তেওঁ ৰামায়ণ আৰু মহাভাৰতক কাল্পনিক বুলি উল্লেখ কৰিছিল।

তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদীৰ বিৰুদ্ধেও অপমানজনক মন্তব্য কৰা বুলিও অভিযোগ উত্থাপন হৈছে। গোধৰা কাণ্ড আৰু বিলকিছ বানো দলবদ্ধ ধৰ্ষণ কাণ্ডৰ কথা উল্লেখ কৰি শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মন্তব্য কৰা বুলি অভিযোগ উঠে।

হিন্দুত্ববাদী গোট কিছুমানৰ লগতে স্থানীয় বিজেপি বিধায়ক বেদ্যাছ কামাথে ইয়াৰ পিছতে শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। শিক্ষয়িত্ৰীগৰাকীয়ে এনে মন্তব্যৰ দ্বাৰা শিশুৰ মনত ঘৃণাৰ ভাৱ জগাই তুলিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে তেওঁলোকে।

শিক্ষয়িত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতাৰে তেওঁক নিলম্বন কৰাৰ দাবীত হিন্দুত্ববাদী গোটসমূহে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ এই প্ৰতিবাদত বিজেপি বিধায়কগৰাকীয়েও যোগদান কৰে।

এনে অভিযোগ তথা প্ৰতিবাদৰ পিছতে কৰ্তৃপক্ষই শিক্ষয়িত্ৰীগৰাকীক আজি চাকৰিৰ পৰা বৰ্খাস্ত কৰে। অৱশ্যে এতিয়ালৈকে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো এফআইআৰ দাখিল কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News