NORTHEAST NOW (Assamese)

গুজৰাটৰ চিকিৎসা পৰীক্ষাত বৃহৎ দুৰ্নীতিৰ অভিযোগ; ১০ লাখ টকা দিলেই উত্তীৰ্ণ হ’ব NEET

May 10, 2024 7:55 pm · এন ই নাও নিউজ, গুৱাহাটী

উকা উত্তৰ বহীৰ লগতে ১০ লাখ টকা দিব লাগিব। তেতিয়াহে পৰীক্ষাৰ্থীয়ে মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ’ব। গুজৰাটৰ নেট ইউ জি পৰীক্ষাত শেহতীয়াকৈ এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে NET UG পৰীক্ষা অনুষ্ঠিত কৰা হয়। যদি আপুনি সংশ্লিষ্ট অল ইণ্ডিয়া প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় তেন্তে ভাৰতৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত স্নাতক পৰ্যায়ত MBBS বা AYUSH পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুযোগ পায়। আৰু গুজৰাটত এই প্ৰৱেশ পৰীক্ষাক কেন্দ্ৰ কৰি বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ চক্ৰ চৰ্চালৈ আহিছে।

গুজৰাটৰ পঞ্চমহল জিলাৰ গোধৰাত সংঘটিত হৈছে এই ঘটনা। ১০ লাখ টকাৰ বিনিময়ত উত্তৰ লিখি কমেও ছয়জন নেট পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে এগৰাকী বিদ্যালয়ৰ শিক্ষককে ধৰি মুঠ তিনিজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে পঞ্চমহলৰ জিলা দণ্ডাধীশে পৰীক্ষাৰ পূৰ্বে এই সন্দৰ্ভত গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে। তেওঁৰ নিৰ্দেশ অনুযায়ী পৰীক্ষাৰ দিনা জিলা অতিৰিক্ত উপায়ুক্ত আৰু জিলা শিক্ষা বিষয়াকে ধৰি তদন্তকাৰী দলে বিদ্যালয়খনত অভিযান চলায়।

তদন্তকাৰীয়ে বিদ্যালয়লৈ গৈ তুষাৰ ভাটক জেৰা কৰে। তাৰ মোবাইলটোও চেক কৰা হ’ল। তুষাৰ ভাটৰ ফোনৰ পৰা উদ্ধাৰ হৈছে ১৬ জন প্ৰাৰ্থীৰ তালিকা। তালিকাখনত পৰীক্ষাৰ্থীৰ নাম আৰু লগতে তেওঁলোকৰ ৰোল নম্বৰ আৰু পৰীক্ষা কেন্দ্ৰ আছিল। এই গোচৰৰ আন এজন অভিযুক্ত পৰশুৰাম ৰায়ে হোৱাটছএপৰ জৰিয়তে তুষাৰ ভাটলৈ এই তালিকা প্ৰেৰণ কৰে। জেৰাৰ অন্তত শিক্ষকগৰাকীয়ে অপৰাধ স্বীকাৰ কৰে। তেওঁ কয় যে সেই তালিকাৰ ছয়জন প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰশ্নকাকত সমাধানৰ বাবে ১০ লাখ টকা দিবলৈ সন্মত হৈছিল।

ইতিমধ্যে তুষাৰ ভাট, পৰশুৰাম ৰায় আৰু আৰিফ ভোৰাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তদন্তকাৰী দলটোৱে তুষাৰ ভাটৰ মোবাইল ফোন, নগদ ৭ লাখ টকাৰ নগদ ধন, উদ্ধাৰ হোৱা গাড়ীখনো জব্দ কৰে। এই ঘটনাৰ লগত আন বহু লোক জড়িত থকাৰ সন্দেহ। সেই সন্দৰ্ভত তদন্ত চলি আছে।

Related News