• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো শিক্ষক দিৱস পালন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 5, 2020 8:47 pm
siv
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়।

শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত স্থানীয় যুৱ দলত অনুষ্টুপীয়াকৈ আয়োজন কৰা শিক্ষক দিৱসৰ এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।

অনুষ্ঠানত সভাপতিত্ব কৰি প্ৰদান কৰা ভাষণত তেওঁ জিলাখনৰ শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে জিলাখনৰ শৈক্ষিক উত্তৰণৰ তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁ শিক্ষক আৰু বিদ্যাৰ্থীৰ সু-সমন্বয়েহে শিক্ষাৰ মহত্ব তথা উৎকৰ্ষ সাধন হয় বুলি উল্লেখ কৰে।

নিজ বক্তব্যত তেওঁ মহান দাৰ্শনিক, শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদর্শৰে অনুপ্ৰাণিত হ’বলৈ শিক্ষক সমাজক আহ্বান জনায়।

উল্লেখযোগ্য যে, সাম্প্ৰতিক ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াৱহতা তথা ইয়াৰ সাম্ভাব্য গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটি স্বাস্থ্য বিভাগে জাৰি কৰা নিয়মাৱলী মানি যেনে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰি আয়োজন কৰা হয়।

অনুষ্ঠানত শিৱসাগৰ জিলাৰ প্ৰাক্ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ ২৩ গৰাকী বিশেষ সেৱা আগবঢ়োৱা শিক্ষকক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। লগতে শিক্ষা বিভাগত কৰ্মৰত হৈ উল্লেখনীয় সেৱা আগবঢ়োৱা কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শিৱসাগৰ জিলাৰ সমূহ শিক্ষা খণ্ডৰ প্ৰতিনিধি শিক্ষক উপস্থিত থকা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অজয় কুমাৰ গগৈয়ে সাম্প্রতিক সময়ত শিক্ষাৰ মহত্বৰ উল্লেখেৰে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা আগবঢ়ায়।  অনুষ্ঠানটিত উপস্থিত থাকি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জুনুমণি সোণোৱালে তেওঁৰ বক্তব্যত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে।

শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি শিক্ষক সকলক সমাজৰ নমস্য ব্যক্তি বুলি উল্লেখ কৰি তেওঁলোকৰ অৱদানৰ ফলতে ভৱিষ্যত প্ৰজন্মৰ সুদৃঢ় ভেটি নিৰ্মাণ হয় বুলি কয়। লগতে তেওঁ জিলাখনৰ শিক্ষক সকলৰ কৰ্তব্যনিষ্ঠা আৰু দায়ৱদ্ধতাৰ শলাগ লয়।

শিক্ষক দিৱসৰ লগত স‌ংগতি ৰাখি e-Flipped নামৰ এটি শিক্ষা সহায়ক এপ মুকলি কৰা হয় ,য’ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিভিন্ন পাঠ্যক্ৰম সামৰি লোৱা হৈছে।

শিক্ষক নৱনীত হাজৰিকাই আঁত ধৰা সভাখনত শলাগৰ শৰাই আগবঢ়ায় ছামছুল বাৰিকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd