• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত শিক্ষক-শিক্ষয়িত্ৰী : লতাশিলৰ পৰা ৰাজভৱন চলৌ কাৰ্য্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 12:59 pm
TeacherProtest

শিক্ষক দিৱসৰ দিনটোতে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ অধীনত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ কেইবা হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতিবাদ।

109
VIEWS
Share on FacebookShare on Twitter

আজি শিক্ষক দিৱসৰ দিনটোতে প্ৰতিবাদলৈ ওলাই আহিব লগা হ’ল ৰাজ্যৰ শিক্ষক-কৰ্মচাৰী। আজি পুৱাই চৰকাৰ আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী লৈ অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ অধীনত ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়ৰ কেইবা হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে মহানগৰীৰ লতাশিল খেলপথাৰত সমবেত হয়। লতাশিলৰ পৰা তেওঁলোক ৰাজভৱনলৈ সমদল কৰি যাব প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।

উল্লেখ্য যে বিগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক ৪৫ দিনৰ ভিতৰত প্ৰাদেশিকীকৰণ কৰি উক্ত বিদ্যালয়সমূহৰ শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰিম বুলি আশ্বাস প্ৰদান কৰিছিল বিজেপিয়ে। কিন্তু তাৰ পিছতো বৰ্তমানৰ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সম্পূৰ্ণ অৱজ্ঞা কৰি আহিছে এইসকল শিক্ষক-কৰ্মচাৰীৰ সমস্যাৰ প্পতি। ক্ষুভিত শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ অধীনত।

ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে সংবাদ মাধ্যমক জনাই যে চৰকাৰে ২০১১ চনৰ প্ৰাদেশীকৰণ আইনৰ ভিত্তিত যোগ্য বিবেচিত শিক্ষক-কৰ্মচাৰীক অতি সোনকালে প্ৰাদেশীকৰণ কৰিব লাগে। কিন্তু ২০১৭ চনত এই আইন সংশোধন কৰি যিখন আইন প্ৰণয়ন কৰিলে সেই আইনে বহু সংখ্যক কৰ্মৰত শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ হোৱাত বাধা দিব। সেয়েহে উক্ত আইনখন বাতিল কৰিব লাগে।

মঞ্চই চৰকাৰৰ ওচৰ তোলা দাবীসমূহ :

১ জানুৱাৰি ২০০৬ চনৰ পূৰ্বে স্থাপিত চৰকাৰী অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ শিক্ষানুষ্ঠানসমূহ (প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাৰ লগতে মাদ্ৰাছা আৰু সংস্কৃত টোলসহ) প্ৰদেশীকৰণ আইনৰ আওতালৈ আনি কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশীকৰণ কৰা।

প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত ২০০৯-১০ চনৰ বাধ্যতামূলক DISE CODE NO কৰ্তন কৰি যিকোনো বছৰৰ DISE CODE NO থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰা।

বৰ্তমানলৈকে অনুমতি/স্বীকৃতিপ্ৰাপ্ত সৰ্বস্তৰৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক প্ৰাদেশীকৰণ নোহোৱা পৰ্য্যন্ত তদৰ্থ ভিত্তিত মাহিলি দৰমহা দিয়াৰ ব্যৱস্থা কৰা।

ভেন্সাৰ শিক্ষানুষ্ঠানত সেৱা আগ বঢ়াই ইতিমধ্যে মৃত্যুবৰণ কৰা আৰু বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী তথা পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা।

উল্লেখ্য যে প্ৰশাসনৰ ফালৰ পৰা প্ৰতিবাদকাৰীসকলক জনাই যে অহা ১২ ছেপ্তেম্বৰৰ দিনা শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ সৈতে ঐক্য মঞ্চৰ প্ৰতিনিধি দলৰ আলোচনা অনুষ্ঠিত কৰা হ’ব। কিন্তু এই আশ্বাসত ক্ষান্ত নাথাকি শিক্ষক-কৰ্মচাৰী মঞ্চই প্ৰতিবাদী কাৰ্য্যসূচী চলাই আছে বৰ্তমান পৰ্যন্ত।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd