ৰাজ্যৰ শিক্ষকে এই নিৰ্দেশনা ভংগ কৰিলে হ’ব তিনিবছৰ কাৰাদণ্ড; ঘোষণা শিক্ষা মন্ত্ৰীৰ

যোৱা তিনিবছৰত নিজৰ গৃহ জিলালৈ বদলি হোৱা শিক্ষকলৈয়ো আহিব বিপদ!

WhatsApp-Image-2020-01-25-at-1.33.45-PM-750x375

শিক্ষা মন্ত্ৰী হিম্নত বিশ্ব শৰ্মা। ফাইল ফটো

ৰাজ্যৰ সমূহ শিক্ষকে ভৱিষ্যতে এটা নিৰ্দেশনা ভংগ কৰিলে তিনিবছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব। বাজেট অধিবেশনৰ দ্বিতীয় দিনটোত বিধানসভাৰ মজিয়াত এই ঘোষণা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

শিক্ষকৰ বদলিকৰণৰ ক্ষেত্ৰত কঠোৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰা মতে কোনো শিক্ষকে নিযুক্তি লাভ কৰাৰ পৰা ১০ বছৰলৈকে বদলি ল’ব নোৱাৰিব।

‘শিক্ষকৰ নিযুক্তি আৰু বদলিকৰণ এতিয়া বিধানসভাৰ আইন মতে নিৰূপিত হ’ব। এজন শিক্ষক যি জিলাত নিযুক্তি হয় তাত তেওঁ ১০ বছৰ বাধ্যতামূলকভাৱে কাম কৰিব লাগিব।‘ বিধানসভাৰ মজিয়াত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ।

অৱশ্যে, ১০ বছৰ পাছত ৱেবচাইটত যেতিয়া বিভিন্ন জিলাত শিক্ষক পদ খালী থকাৰ কথা ঘোষণা হ’ব, তেতিয়া ১০ বছৰ একেৰাহে চাকৰি কৰি থকাসকলে নিজৰ গৃহ জিলা আৰু কাষৰীয়া জিলাসমূহলৈ বদলি হ’বৰ বাবে আবেদন কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

‘যোগ্যতা অনুসৰি শিক্ষা বিভাগে বদলি-নিযুক্তি মানি ল’ব।‘ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয়।

অৱশ্যে বুজা-বুজিৰ বদলিৰ(Mutual Transfer) ক্ষেত্ৰত এই প্ৰক্ৰিয়া প্ৰযোজ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তাৎপয্যপূৰ্ণভাৱে মন্ত্ৰীগৰাকীয়ে কয়, ‘এই আইন ভংগ কৰা শিক্ষকক তিনিবছৰ সশ্ৰম কাৰাদণ্ড দিয়া হ’ব। যি বদলি দিব সেই বিষয়াৰো শাস্তি একেই হ’ব।‘

‘এই প্ৰক্ৰিয়া নকৰিলে শিক্ষা ব্যৱস্থা নাথাকিব আৰু দুখীয়া মানুহৰ পৰা শিক্ষা ব্যৱস্থা গুচি যাব।‘ তেওঁ এইদৰে কয়।

ইপিনে, যোৱা তিনিবছৰে নিযুক্তি পোৱা জিলাৰ পৰা অন্য জিলা বা গৃহ জিলালৈ বদলি লোৱাসকল পুনৰ নিযুক্তি পোৱা ঠাইলৈ লৈ যোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

‘যোৱা তিনিবছৰে আমাক হেঁচা দি যিমানবোৰ বদলিকৰণ, নিযুক্তি হ’ল দুই এদিনতে তেওঁলোকৰ আগৰ ঠাইত পঠাই আছো।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

অৱশ্যে নিযুক্তি লাভ কৰাৰ পাছত বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ বদলি হোৱা বা দিব্যাংগ লোকৰ ক্ষেত্ৰত এই কথা বিবেচিত কৰি চোৱা হ’ব বুলি তেওঁ কয়।

‘এখন কমিটি থাকিব আৰু সেই কমিটিত দিব্যাংগ বা অন্যান্য অত্যাচাৰৰ সন্মুখীন হোৱাৰ ফলত বদলি লোৱাসকলে আবেদন কৰিব পাৰিব। তাৰ ভিতৰত ১০-১৫ শতাংশ, যি সকল মানৱতাৰ খাতিৰত বদলি হৈছিল সেইসকলৰ বদলি মানি লোৱা হ’ব।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।