শৃংখলা জয়ৰ লক্ষ্যৰে আজি গুৱাহাটীত তৃতীয় টী-২০ত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ আত্মবিশ্বাস তুংগত। গুৱাহাটীতে শৃংখলাটো জয় কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে সূৰ্যকুমাৰ যাদৱৰ বাহিনী।
বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পিটচ কেনেকুৱা হ’ব? ঘাঁহ থকা বাউন্সি উইকেট নে স্পিনাৰৰ ঘূৰ্ণীত বেটছমেনসকলে বিপদত পৰিব? মেচখনৰ পূৰ্বে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।
বৰ্ষাপাৰাৰ পিটচ মন্থৰ উইকেট হিচাপে পৰিচিত। বেটছমেনে ইয়াৰ সুবিধা লব পাৰিব। যোৱা বছৰ অক্টোবৰ মাহত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টী-২০ত দুটা ইনিংছত ৪০০ৰো অধিক ৰান সংগ্ৰহ হৈছিল। ইয়াৰ উপৰিও ঘৰুৱা ক্ৰিকেটতো এই ক্ষেত্ৰত প্ৰায় প্ৰতিটো দলেই ভাল ৰান লাভ কৰিছে।
লগতে পঢ়কঃপুৱাই প্ৰবল ভূমিকম্পই জোকাৰি গ’ল চীন-পাকিস্তানক; বহু দূৰৈৰ দেশতো তীব্ৰ কম্পন
সূত্ৰসমূহৰ মতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনতো পিটচৰ চৰিত্ৰ সলনি হোৱা নাই। উইকেটত ঘাঁহ নাথাকিব। ফলত পেচাৰসকলে ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা কম। বৰঞ্চ বল অলপ ছুইং কৰিব পাৰে। স্পিনাৰসকলে শেষৰ ফালে পিটচ ভাঙি যোৱাৰ সুবিধা ল’ব পাৰে।
ক্ৰিকেট বিশেষজ্ঞৰ মতে বৰ্ষাপাৰা ষ্টেডিয়ামত ছয় আৰু চাৰিৰ চমক দেখা পোৱাৰ সম্ভাৱনা আছে। ফলত ঋতুৰাজ গাইকোৱাড, যশস্বী জয়ছোৱাল, ঈশান কিষাণ আৰু ৰিংকু সিঙে খেলখনত বিস্ফোৰক হৈ পৰিব পাৰে। দ্বিতীয়খন মেচত দুই অ’পেনাৰ ঋতুৰাজ আৰু জয়ছোৱালে অৰ্ধশতক অৰ্জন কৰিছিল। আনহাতে ঈশান কিষাণ আৰু ৰিংকু সিঙেও ৰান পাইছিল।
একেৰাহে দুখন মেচত জয়লাভ কৰাৰ পিছত ভাৰতীয় দলৰ পৰিৱৰ্তনৰ সম্ভাৱনা কম। উইনিং কম্বিনেচন হাতত লৈছে হেড কোচ লক্ষ্মণে। উল্লেখ্য যে অন্তিম দুখন টী-২০ত শ্ৰেয়াছ আয়াৰ দললৈ ঘূৰি আহিব। তেনে ক্ষেত্ৰত এজন মিডল অৰ্ডাৰ বেটছমেন পৰৱৰ্তী মেচত বহিব লাগিব। সেয়ে, অধিনায়ক সূৰ্য্যই বিজয় ধাৰাত থকা এই দলটোৰে ছিৰিজ নিশ্চিত কৰিব বিচাৰে।
লগতে পঢ়কঃ উদ্বেগজনক! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক ১০৮ বাৰ কম্পাছেৰে খুচিলে সহপাঠীয়ে; থানাত অভিযোগ দাখিল পিতৃৰ
প্ৰসংগক্ৰমে, বিশাখাপট্টনমত প্ৰথম টী-২০ত অষ্ট্ৰেলিয়াই ৰানৰ পাহাৰ গঢ়ে। সেই মেচখনত ভাৰতে ২০৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়লাভ কৰে। তিৰুৱনন্তপুৰমত অনুষ্ঠিত দ্বিতীয়খন খেলত সূৰ্য বাহিনীয়ে মাত্ৰ ৪টা উইকেট হেৰুৱাই ২৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে অষ্ট্ৰেলিয়াই ৯টা উইকেট হেৰুৱাই ২০ অভাৰত ১৯১ ৰান সংগ্ৰহ কৰে। ফলত টীম ইণ্ডিয়াই ৪৪ ৰানত জয়লাভ কৰে।
আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টী-২০ খেলত ডাঙৰ কাৰক হ’ব পাৰে নিয়ৰ। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসমত নিশাৰ ভাগত তাপমাত্ৰা ১৯ ডিগ্ৰীলৈ হ্ৰাস পাব পাৰে। সেই ক্ষেত্ৰত ৰান অনুসৰণ কৰিবলৈ নমা দলটোৱে অতিৰিক্ত সুবিধা পাব বুলি ধাৰণা কৰা হৈছে।
লগতে পঢ়কঃ সঁচাকৈয়ে! এবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিল ৯টা ছাগলী; কাৰণ জানিলে হ’ব আচৰিত
আনহাতে, অষ্ট্ৰেলিয়াই আজি মৰণপণ যুঁজত অৱতীৰ্ণ হব। অষ্ট্ৰেলিয়াই একাধিক পৰিৱৰ্তন কৰিব পাৰে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি শৃংখলাটোত বৰ্তি থাকিবলৈ কমেও ২-৩ ক্ৰিকেটাৰ সলনি কৰিব পাৰে মেথিউ ৱেড বাহিনীয়ে।